ধীৰজ উপাধ্যায়ৰ প্ৰতিবেদন :
শুকুৰবাৰে অখিল অসম গোৰ্খা ছাত্ৰ সংঘৰ বাছকা আঞ্চলিক সমিতি,নিকাচী আৰু সংঘৰ জিলা সমিতিৰ উদ্যোগত জিলা উপায়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষকক স্মাৰকপত্ৰ প্ৰদান কৰে। কিছুদিন ধৰি মুছলপুৰৰ পৰা নিকাচীলৈ যোৱা পথত দিনদুপৰতে ডকাইতিৰ ঘটনা ঘটি আহি আছে। এনে ঘটনাৰ বাছকা আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাই তীব্ৰ গৰিহণা দিছে।তেনে ডকাইতি কাৰ্যৰে জড়িত সকলো অসামাজিক শক্তিক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ ছাত্ৰ সন্থাই আৰক্ষীক আহ্বান জনাইছে।আনহাতে, জিলা আৰক্ষী অধীক্ষকে দোষীসকলক অতি সোনকালে গ্ৰেপ্তাৰ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। 'আগছু'ৰ আঞ্চলিক সচিব এমকান্ত পৌড়েলৰ নেতৃত্বত যোৱা দলত অগোসৰ জিলা সভাপতি পীতাম্বৰ পাঠক, উপসভাপতি নাৰায়ণ ভণ্ডাৰী, আঞ্চলিক আগছুৰ সহ সচিব দীপেন্দ্ৰ কাৰ্কী,আগছুৰ জিলা সমিতিৰ উপসভাপতিদ্বয় পাৰশ পৰাজুলি আৰু ৰাজু সুবেডি, আগছুৰ আঞ্চলিক উপদেষ্টা অৰ্জুন ৰিমাল, সুৱনখাটা আঞ্চলিকৰ সভাপতি কমল তামাঙৰ লগতে আগছুৰ কৰ্মকৰ্তাৰ লগতে স্থানীয় গোর্খা ৰাইজ উপস্থিত থাকে।
- Log in to post comments
- 33 views