'সন্ধান'ৰ উদ্যোগত বানসাহায্য আৰু সজাগতা সভা

flood

বাহাৰঘাটৰ পৰা নৰেন শৰ্মা

বৃহস্পতিবাৰে 'সন্ধান' স্বেচ্ছাসেৱী সংস্থাৰ উদ্যোগত বৰভাগৰ বানপীড়িত অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলক অধ্যয়নৰ সামগ্ৰী বিতৰণ তথা বানপানীৰ পিছত ল'ব লগা স্বচ্ছতা আৰু সাৱধানতা শীৰ্ষক কাৰ্যসূচীৰ আৰম্ভ কৰা হৈছে। উল্লেখ্য,  অলপতে হৈ যোৱা বানপানীয়ে বৰভাগৰ বহুকেইখন গাঁৱৰ ছাত্ৰ-ছাত্ৰীৰ অধ্যয়নৰ সামগ্ৰী বিনষ্ট কৰি পেলায়। সেয়েহে ছাত্ৰ-ছাত্ৰীসকলৰ সমস্যা কিছু হ'লেও দূৰ কৰাৰ নিমিত্তে 'সন্ধান'  স্বেচ্ছাসেৱী সংস্থাই কাগজ,  কলম বিতৰণ কাৰ্যসূচী কোটালকুছি গাঁৱৰ পৰা আৰম্ভ কৰে। লগতে, বানপানীৰ পিছত ল'ব লগা স্বচ্ছতা আৰু সাৱধানতা সম্পৰ্কে বক্তব্য আগবঢ়ায় 'সন্ধান'ৰ মুখ্য উপদেষ্টা কুলেশ চন্দ্ৰ ডেকা আৰু উপদেষ্টা দেৰাজউদ্দিন আহমেদে। 'সন্ধান'ৰ সভাপতি তাজিমউদ্দিন আহমেদে আঁত ধৰা সজাগতা শিবিৰটোত গাঁওখনৰ প্ৰায় দুই শতাধিক লোক উপস্থিত থকাৰ লগতে প্ৰাশ ৯০ জন ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়নৰ সামগ্ৰী লাভ কৰে।

উক্ত শিবিৰটোত সহযোগ আগবঢ়ায় স্বেচ্ছাসেৱী সংস্থাটোৰ সাধাৰণ সম্পাদক ৰঞ্জন বৈশ্যৰ লগতে সক্ৰিয় স্বেচ্ছাসেৱক ক্ৰমে হিৰন্ময় তালুকদাৰ, পাৰবিন চুলতানাগগন বৰুৱা আৰু ৰক্তিম তালুকদাৰে। শিবিৰটো সফলভাৱে ৰূপায়ণ কৰাত সহযোগ কৰে গাওঁখনৰ সমাজ সচেতন যুৱক ৰমজান আলীয়ে।

Your Comments