লঙ্কাৰ পৰা মনোজ কুমাৰ পাঠকৰ প্রতিবেদন :
লংকাৰ লংকাজান হাইস্কুলৰ প্ৰেক্ষাগৃহত তৰাৱতী ডেভেলপমেণ্ট ফাউণ্ডেশ্যনৰ উদ্যোগত লংকাৰ বিভিন্ন প্ৰান্তৰ বিশেষভাবে সক্ষম লোক সকলৰ মাজত কৌশল বিকাশৰ প্ৰশিক্ষণৰ জৰিয়তে কেনেকৈ স্বাৱলম্বীতা লাভ কৰিব পাৰি তাৰ ওপৰত দিনজোৰা এক সজাগতামূলক অনুষ্ঠান অনুস্থিত হয় | হোজাই জিলাৰ বিভিন্ন প্ৰান্তৰ বিশেষভাবে সক্ষম বহু লোক উপস্থিত থকা উক্ত অনুষ্ঠানত কৌশল বিকাশৰ বিভিন্ন দিশৰ ওপৰত বিস্তাৰিত ভাৱে আলোচনা কৰা হয় |
কৌশল বিকাশৰ প্ৰশিক্ষণৰ দ্বাৰা বিশেষভাবে সক্ষম লোক সকলো যে স্বাৱলম্বী হৈ সমাজত প্ৰতিষ্ঠা লাভ কৰিব পাৰে তাকো বিস্তাৰিত ভাৱে আলোচনা কৰা হয় ।উক্ত অনুষ্ঠানত বহু বিশেষভাবে সক্ষম লোক উপস্থিত থকাৰ লগতে স্থানীয় বহু ৰাইজেও অংশগ্ৰহণ কৰে।
- Log in to post comments
- 9 views