কিশোৰীক যৌন নিৰ্যাতন  :বঙাইগাঁৱত আইনৰ ৰক্ষক সোমাল ৰঙা ঘৰত

bgn

বঙাইগাঁওঃ

 এগৰাকী কিশোৰীক যৌন নিৰ্যাতন চলাই অৱশেষত ৰঙা ঘৰৰ ভাত খাবলগীয়া হ'ল খোদ এগৰাকী আইনৰ ৰক্ষক কনিষ্টবলে ৷ উল্লেখ্য যে বঙাইগাঁও চহৰৰ উত্তৰ বঙাইগাঁও আৰক্ষী পহৰা চকীৰ অন্তৰ্গত দোলাইগাঁও উজানপাৰাত অসম আৰক্ষীৰ কনিষ্টবল এজনে এগৰাকী কিশোৰীক যৌন নিৰ্যাতন চলোৱা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ সময়তে অভিযুক্ত আব্দুল ৰেজ্জাক মণ্ডল নামৰ কনিষ্টবল জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে উত্তৰ বঙাইগাঁও আৰক্ষী পহৰা চকীত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এক গোচৰ পঞ্জীয়ন কৰি যৌন নিৰ্যাতন চলোৱা অসম আৰক্ষীৰ কনিষ্টবল আব্দুল ৰেজ্জাক মণ্ডলক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱাত আদালতে অভিযুক্ত কনিষ্টবলজনক জেল হাজতলৈ প্ৰেৰণ কৰিছে ৷ উল্লেখ্য যে বঙাইগাঁও জিলাৰ বিদ্যাপুৰ আৰক্ষী চকীত কৰ্মৰত অসম আৰক্ষীৰ কনিষ্টবল আব্দুল ৰেজ্জাক মণ্ডলে( ৪৯) বঙাইগাঁও চহৰৰ দোলাইগাঁওস্থিত নিজ ঘৰত ভাড়াতীয়া হিচাপে থকা এটা পৰিয়ালৰ এগৰাকী এঘাৰ বছৰীয়া কিশোৰীক শনিবাৰে যৌন নিৰ্যাতন চলাছিল যদিও ঘটনাটো পোহৰলৈ অহা নাছিল ৷ দুটাকৈ সন্তানৰ পিতৃ তথা আৰক্ষী কনিষ্টবলজনে কিশোৰীগৰাকীৰ পৰিয়ালৰ লগতে নিজৰ পৰিয়ালৰ কোনো সদস্য ঘৰত নথকাৰ সুযোগত এই জঘন্য ঘটনাটো সংঘটিত কৰিছিল ৷ কনিষ্টবলজনে কিশোৰীগৰাকীক নিজৰ কোঠালৈ ফুচুলাই নি যৌন নিৰ্যাতন চলোৱাৰ লগতে এই বিষয়ে কাৰো আগত নজনাবলৈকো ভাবুকি প্ৰদান কৰিছিল ৷ কিন্তু কিশোৰীগৰাকীয়ে পিছত পৰিয়ালৰ লোকক অৱগত কৰাত দেওবাৰে ঘটনাটো ৰাজহুৱা হয় যদিও ঘটনাটো গাপ দিয়াৰ বাবে একাংশ দালাল চক্ৰ উঠি পৰি লাগে ৷ এই দালাল চক্ৰৰ কৱলত পৰি পৰিয়ালটোও নীৰৱ হৈ আছিল ৷ পিছত স্থানীয় ৰাইজৰ হেঁচাত পৰিয়ালৰ লোকে মঙলবাৰে নিশা উত্তৰ বঙাইগাঁও আৰক্ষী পহৰা চকীত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছিল ৷ আৰক্ষীয়ে উক্ত এজাহাৰৰ ভিত্তিত পক্স' আইনৰ (POCSO Act/2012) ধাৰা ৪ ৰ অধীনত ৫৫০/১৯ নম্বৰৰ এক গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰে ৷ সেইদৰে কিশোৰীগৰাকীৰ বুধবাৰে স্বাস্থ্য পৰীক্ষাৰো ব্যৱস্থা কৰে ৷ ইপিনে ঘটনাটো ৰাজহুৱা হোৱাৰ পিছতে কনিষ্টবলজন পলায়ণ কৰে ৷ দুদিন ধৰি কৰ্তব্যস্থলীত উপস্থিত নথকাৰ লগতে ঘৰৰ পৰা পলায়ণ কৰি থকা কনিষ্টবল আব্দুল ৰেজ্জাক মণ্ডল পিছত বুধবাৰে বিয়লিৰ ভাগত ফকিৰাগ্ৰাম আৰক্ষীৰ হাতত আটক হয় ৷ আটকাধীন কনিষ্টবলজনক পিছত সন্ধিয়া বঙাইগাঁও থানালৈ অনা হয় আৰু ঘটনা সন্দৰ্ভত ৰুজু হোৱা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে ৷ বৃহস্পতিবাৰে অভিযুক্ত কনিষ্টবলজনক আৰক্ষীয়ে বঙাইগাঁও আদালতত হাজিৰ  কৰোৱাত আদালতে জেল হাজতলৈ প্ৰেৰণ কৰে ৷

Your Comments