বিজনী মহকুমাধিপতি কাৰ্যালয়ত সজাগতা সভা 

bgn

বঙাইগাঁওঃ

 চিৰাং জিলাৰ বিজনী মহকুমাধিপতিৰ কাৰ্যালয়ৰ সভাকক্ষত বৃহস্পতি বাৰে বিয়লি ৩ বজাত এখন সজাগতা সভা অনুষ্ঠিত হয়। পলিথিন বৰ্জিত এখন বিজনী গঢ়াৰ উদ্দেশ্যে বিজনী নগৰ সমিতিৰ উদ্যোগত আয়োজিত উক্ত সভাত চিৰাঙৰ অতিৰিক্ত উপায়ুক্ত তথা বিজনীৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি দিঠকানন্দ হাজৰিকাই সভাপতিত্ব কৰে । বিজনীৰ নিৰ্বাচনী বিষয়া লুকুমণি বৰাই উদ্দেশ্যে ব্যাখ্যা কৰা সভাখনত বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰকাশ মেধী, বিজনী মহকুমাধিপতিৰ কাৰ্যালয়ৰ সহকাৰী আয়ুক্তদ্বয় কৌস্তৱ কলিতা, বুবুল বৈশ্য, বিজনী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰূপক কুমাৰ বৰা, ছহিদ পৰিয়ালৰ সদস্য ডাঃ শতদল ৰায়,  বিজনীৰ প্ৰাক্তন বিধায়ক কমল কুমাৰ ব্ৰহ্ম, বিজনী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ধীৰেন্দ্ৰনাথ মেধীসহ অন্যান্য লোকসকল উপস্থিত থাকে। সভাত বিজনীত পলিথিনৰ মোনা নিষিদ্ধ কৰা , একাংশ ব্যৱসায়ীয়ে অকৰ্তৃত্বশীলভাৱে দখল কৰি ৰখা  বিজনী বজাৰৰ পদ পথ মুক্ত কৰা , স্বচ্ছতা তথা সেউজ বিজনী সন্দৰ্ভত আলোচনা কৰা হয় । সভাই পলিথিনৰ মোনা নিষিদ্ধ কৰা আৰু বিজনী বজাৰৰ পদ পথ মুক্ত কৰা সন্দৰ্ভত সভাত উপস্থিত বিষয়া তথা সমাজকৰ্মী একাংশক সাঙুৰি লৈ  এখন সমিতি গঠন কৰে ।

Your Comments