বঙাইগাঁওঃ
চিৰাং জিলাৰ বিজনী থানাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৱৰ্তী ৪ নং সোণাপুৰ দ্বিতীয় খণ্ড গাঁৱত বন্যহস্তীৰ আক্ৰমণত এগৰাকী মহিলা থিতাতে নিহত হয়। নিহত মহিলা গৰাকী ৰূপালী বসুমতাৰী ( ৪৮) । কৃষক আলুৰাম বসুমতাৰীৰ পত্নী ৰূপালী বসুমতাৰীয়ে বুধবাৰে নিশা প্ৰায় ১১ মান বজাত চুবুৰীয়া জনক সূত্ৰধৰৰ ঘৰৰ পৰা ভাত খাই নিজ গৃহলৈ উভতি অহাৰ সময়তে পথৰ দাঁতিত কঠাল খাই থকা বন্যহস্তী এটাই মহিলা গৰাকীক আক্ৰমণ কৰাৰ ফলত ৰূপালী বসুমতাৰী থিতাতে নিহত হয় । এই ঘটনাই কৃষক আলুৰাম বসুমতাৰীৰ ঘৰত এক শোকাকুল পৰিৱেশ সৃষ্টি কৰিছে। ইফালে বৃহস্পতি বাৰে বল্লামগুৰী উপ-আৰক্ষী চকীৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লয় । বন্যহস্তীৰ আক্ৰমণত মৃত্যুক সাৱটি ল'বলগীয়া হোৱা ৰূপালী বসুমতাৰী তিনি সন্তানৰ মাতৃ আছিল ৷ পুত্ৰ ৰিংখাং বসুমতাৰী চেন্নাইত কাম কৰি থকাৰ বিপৰীতে আনজন পুত্ৰ বীৰখাং বসুমতাৰী নৱম শ্ৰেণীত আৰু কন্যা বিৰাণশ্ৰী বসুমতাৰী সপ্তমমান শ্ৰেণীত পঢ়ি আছে ৷
- Log in to post comments
- 9 views