মৰিগাঁৱৰ পৰা জিতুমণি নাথ
দুৰ্গতসকলক সহায়ৰ বাবে উৎসৰ্গিত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আজি সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ মৰিগাঁও শাখাই জিলা উপায়ুক্তৰ জৰিয়তে ১০ হাজাৰ টকা সাহায্য আগবঢ়ায়। সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ মৰিগাঁও শাখাৰ উদ্যোগত আৰু সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সহযোগত আজি জিলা উপায়ুক্ত ঋতুৰাজ বৰাৰ হাতত বৰঙণি ধনৰাশিৰ চেক আগবঢ়ায়। সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ মৰিগাঁও শাখাৰ সভানেত্ৰী পোণাদেৱী মহন্ত, সম্পাদিকা পৰমেশ্বৰী ডেকাৰ লগতে উপদেষ্টা চন্দ্ৰলেখা গোহাঁই লাহন, বাণী বৰুৱা, ৰীনা ডেকা, জ্যোতিৰ্ময়ী হাজৰিকা, অৰ্চনা শৰ্মা, জাৰ্জিনা বেগমে চেক প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰে।
- Log in to post comments
- 29 views