অবৈধ ক্ৰেচাৰ মিলৰ বিৰুদ্ধে সৰৱ সৰুপথাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি

dharna

সৰুপথাৰৰ পৰা নবীন বৰা

সৰুপথাৰৰ সীমান্তবৰ্তী উৰিয়ামঘাটত ইতিপূৰ্বে প্ৰশাসনে বন্ধ কৰা এটা শিল ভঙা ক্ৰেচাৰ মেচিন পুনৰ কাম আৰম্ভ কৰিব বিচৰাৰ প্ৰতিবাদত আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ধনশিৰি মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া অৱস্হান ধৰ্মঘট কাৰ্যসূচী পালন কৰে।  উৰিয়ামঘাটৰ গেলাজান গাঁৱত অবৈধভাৱে প্ৰকাশ স্বামী নামৰ ব্যৱসায়ী গৰাকীয়ে দৈয়াং ক্ৰেচাৰ মিল নামৰ এটা শিল ভঙা মেচিন প্ৰতিষ্ঠা কৰিছিল। গেলাজান প্ৰাথমিক বিদ্যালয়কে ধৰি অতি জনবহুল অঞ্চলত ক্ৰেচাৰ মিলটো স্হাপন কৰাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ বিৰোধিতা কৰি প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱাত দুবছৰৰ আগতে মিলটো বন্ধ কৰি দিছিল।  কিন্তু প্ৰদুষণ বিভাগক পুনৰ মেনেজ কৰি বৰ্তমান ক্ৰেচাৰ মিলটো চলাবলৈ যো-জা কৰাত  আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ধনশিৰি মহকুমা শাখাই দুঘণ্টীয়া অৱস্হান ধৰ্মঘট কাৰ্যসূচী হাতত লৈ ক্ৰেচাৰ মিল বন্ধ কৰিবৰ বাবে দাবী জনায় |

Your Comments