সোণাৰিৰ পৰা ঘন বৰা
চৰাইদেউ জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত যোৱা নিশা মৰাণহাট আৰক্ষীৰ সহযোগত মৰাণ নগৰৰ মাজ-মজিয়াত থকা এক্সিছ বেংকৰ এটিএম কাটি চুৰি কৰিবলৈ লোৱা তিনি গভাইত চোৰক আটক কৰে। ডিব্ৰুগড় জিলা বৰবৰুৱা থানাৰ অন্তৰ্গত দুৰ্গাপুৰ চাহ বাগিচাৰ বৰুৱাজান কোঁৱৰ গাঁৱৰ নিবাসী তথা আৰক্ষী কনিষ্টবল দিগন্ত বাগলাৰীৰ পুত্ৰ প্ৰাৰ্থপ্ৰতিম বাগলাৰী(২৭), লাহোৱাল থানাৰ অন্তৰ্গত চিৰিংহোলা গাঁৱৰ নিবাসী অনিল বৰুৱাৰ পুত্ৰ পুৰঞ্জন বৰুৱা(২৫) আৰু লাহোৱাল থানাৰে অন্তৰ্গত টেপৰচালি গাঁৱৰ নিবাসী জয়কান্ত মেছৰ পুত্ৰ কিশোৰ মেছ(২২)ক আটক কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে যোৱা ৩০ জুলাইত মৰাণ নগৰ মাজ-মজিয়াস্থিত এক্সিছ বেংকৰ এটিএমটো কাটি চুৰি কৰিবলৈ লওঁতে আৰক্ষী তৎপৰতাত ৰক্ষা পৰিছিল লক্ষাধিক টকা। চৰাইদেউ জিলা মৰাণহাট থানাৰ অন্তৰ্গত মৰাণ কানাই মেনচন মাৰ্কেটস্থিত এক্সিছ বেংকৰ এটিএম টো ৩০ জুলাইৰ নিশা দুৰ্বৃত্তই চুৰি কৰিবলৈ লওঁতে মৰাণহাট থানাৰ হেডকনিষ্টবল জগত হাজৰিকাৰ নেতৃত্বত এটি পহৰাদাৰী দলে নিশা ১-৩০ বজাত সন্দেহ বশতঃ এটিএমটো লক্ষ্য কৰি আগবাঢ়ি যাওঁতেই দুটা দুৰ্বৃত্ত এটিএমটোৰ পৰা ওলাই কাষৰ তেল ডিপুত ৰখাই থোৱা এ এছ ০৬ ইউ-৯৯৫০ নম্বৰৰ মাৰুতী ছুজুকি বলেন' বাহনত উঠি ডিব্ৰুগড় অভিমূখে বিদ্যুৎ গতিত পলায়ন কৰিছিল। উক্ত গাড়ীত ৰৈ আছিল দুটা চোৰ।
আৰক্ষীয়ে ৩০ জুলাইৰ পুৱা ঘটনাৰ পম খেদি বৰবৰুৱাৰ পৰা উক্ত বাহনখন জব্দ কৰিছিল। আনহাতে মৰাণহাট আৰক্ষীয়ে এটিএমটো কাটি নিবলৈ ব্যৱহাৰ কৰা এটিএমৰ ভিতৰৰ পৰা এটা অক্সিজেন আৰু এটা ৰন্ধন গেছৰ চিলিণ্ডাৰ, পাইপ,আৰু কিছু সঁজুলি উদ্ধাৰ কৰিছিল। উল্লেখ্য যে,চুৰি কাৰ্যত ব্যৱহৃত বাহনখন ডিব্ৰুগড় জিলা বৰবৰুৱা থানাৰ অন্তৰ্গত দুৰ্গাপুৰ চাহ বাগিচাৰ বৰুৱাজান কোঁৱৰ গাঁৱৰ নিবাসী বিপিন বাগলাৰী পুত্ৰ তথা আৰক্ষী কনিষ্টবল দিগন্ত বাগলাৰীৰ বুলি চিনাক্ত কৰা হৈছিল উক্ত দিনায়ে। এইদৰে স্বয়ং আৰক্ষী পুত্ৰই চুৰিকাৰ্যত পিতৃৰ বাহনখন ব্যৱহাৰ কৰি এটিএম চুৰিত নামি পৰা কাৰ্যই সচেতন মহলক স্তম্ভিত কৰি তুলিছে। মৰাণহাট আৰক্ষীয়ে ৭৩/১৯ নং গোচৰ পঞ্জীয়ন কৰি ভাৰতীয় দণ্ডবিধিৰ ৪৪৮/৪২৭/৩৭৯/৫১১ ধাৰাত আজি তিনি গভাইত চোৰক আটক কৰি ৰঙাঘৰলৈ প্ৰেৰণ কৰিছে। ইফালে উক্ত ঘটনাত জড়িত আন এটা চোৰক আটক কৰিবলৈ চৰাইদেউ জিলা আৰক্ষীয়ে বৰ্তমানেও অভিযান অব্যাহত ৰাখিছে।
- Log in to post comments
- 9 views