ৱাহিদুদ জামান,নগাঁও :
শেহতীয়া বানত নিৰাপদ আশ্ৰয় বিচাৰি যেনি তেনি ঢাপলি মেলা পহু, হৰিণা আদি নিধনত লিপ্ত হৈ পৰিছে একাংশ অসাধু লোক আৰু চোৰাং ব্যৱসায়ী।বিশেষকৈ নগাঁও-কাৰ্বিআংলং জিলাৰ সীমান্তৱৰ্তী কেতবোৰ অঞ্চলৰ লগতে কাৰ্বিআংলং জিলাৰ ভিতৰুৱা বিভিন্ন ঠাইতো চোৰাং চিকাৰীয়ে বন্য প্ৰাণীৰ নিধন যজ্ঞ অব্যাহত ৰাখিছে।আনকি বানৰ অজূহাততে নগাঁও জিলাৰ লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্যৰো পহু নিধনত নামি পৰিছে একাংশ চোৰাং চিকাৰী।এনে এটা চাৰি জনীয়া চোৰাং চিকাৰীৰ দলে বুঢ়াচাপৰিত নিধন কৰা এটা পহুৰ ২০ কিলোগ্ৰাম মাংস বিক্ৰী কৰি থকা অৱস্থাতে বন বিভাগৰ হাতত কৰায়ত্ত হৈ ৰঙাঘৰৰ আলহী হ'ব লগীয়া হয় । চোৰাংচোৱাৰ খবৰৰ ভিত্তিত নগাঁৱৰ বন্যপ্ৰাণী সংৰক্ষণ বিভাগে ৭ নম্বৰ ভগামুখ অঞ্চলত অভিযান চলাই এই চাৰিজন চোৰাং চিকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হয় । ১৯৭২ চনৰ বন্যপ্ৰাণী সংৰক্ষণ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা চোৰাং চিকাৰী কেইজন হৈছে ৰছিদুল হক, আব্দুল মতিন, ৰফিকুল আৰু ৰুফুল আহমেদ । ধৃত চোৰাং চিকাৰী কেইজনে নগাঁৱৰ লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্যৰ এটা পহু বধ কৰি গোপনে মাংস বিক্ৰী কৰিছিল । ইতিমধ্যে মাংসখিনি নগাঁও বন্যপ্ৰাণী সংমণ্ডলে জব্দ কৰি ফৰেনচিক লেবৰটেৰীলৈ প্ৰেৰণ কৰিছে বুলি বন বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে।উল্লেখ্য যে, কাজিৰঙাৰ বানত উটি অহা পহু কাজিৰঙাৰ ষষ্ঠ সংযোজন এলেকাত বসবাস কৰা একাংশ লোকে নিধন কৰি ভক্ষণ কৰাৰো অভিযোগ উঠিছে।
- Log in to post comments
- 24 views