নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা,
৩১ জুলাইঃমধ্য অসমৰ আগশাৰীৰ বেচৰকাৰী শিক্ষানুষ্ঠান "কনচেপ্ট কনিষ্ঠ মহাবিদ্যাল"য়ে "মূখ্যমন্ত্ৰী বান সাহাৰ্য পুঁজি"লৈ এক লাখ টকা সাহাৰ্য্য আগবঢ়াইছে। মহাবিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীৰ বৰঙণিৰে বানাক্ৰান্ত লোকসকলৰ বাবে মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ এই ধন ৰাশি প্ৰদান কৰে। মংগলবাৰে মহাবিদ্যালয়ৰ অধ্যক্ষ মৃনালজ্যোতি বেজবৰুৱাকে ধৰি এটা প্ৰতিনিধি দলে মূখ্যমন্ত্ৰীক সাক্ষাৎ কৰি এক লাখ টকাৰ সাহাৰ্য্যৰ চেক আনুষ্ঠানিকভাবে প্ৰদান কৰে। মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে মহাবিদ্যালয়খনৰ এনে ইতিবাচক চিন্তাৰ শলাগ লোৱাৰ লগতে মহাবিদ্যালয়খনৰ উত্তৰোত্তৰ কামনা কৰে।
- Log in to post comments
- 18 views