বঙাইগাঁওঃ
চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত বল্লমগুৰিৰ উপ-আৰক্ষী চকীৰ বাউতিপাৰাত মঙ্গলবাৰে মাজনিশা আৰক্ষীয়ে অভিযান চলাই মনোজ মুছাহাৰী নামৰ লোকজনৰ ঘৰৰ পৰা ২টা হস্ত নিৰ্মিত পিষ্টল,এটা গান বন্দুক, ১৪ জাই সজীৱ গুলী আৰু বিভিন্ন সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়।বিজনী মহকুমা আৰক্ষী বিষয়া প্ৰকাশ মেধীৰ নেতৃত্বত আৰু বিজনী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপক বৰাৰ সহযোগত এক গোপন তথ্যৰ ভিত্তিত আৰক্ষীৰ দলটোৱে অঞ্চলটোত এই অভিযা চলাইছিল ৷ আৰক্ষীয়ে পিছত উদ্ধাৰ কৰা হস্ত নিৰ্মিত পিষ্টল,বন্দুক, গুলি আদি জব্দ কৰাৰ লগতে মনোজ মুছাহাৰী (৪৪) নামৰ লোকজনক আটক কৰে। উল্লেখ্য যে সোমবাৰে মাজনিশা একেজন ব্যক্তিৰ ঘৰৰ পৰা আৰক্ষীয়ে এটা বন্দুকসহ,বাৰুদ আৰু বন্দুক নিৰ্মাণ কৰিবলৈ প্ৰয়োজন হোৱা আৱশ্যকীয় সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। ইতিমধ্যে বিজনী আৰক্ষীয়ে মনোজ মুছাহাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি অস্ত্ৰ নিৰ্মাণকাৰীৰ লোকজনক গ্ৰেপ্তাৰ কৰিছে। ইপিনে চিৰাঙৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙে কাইলৈ মনোজ মুছাহাৰীক আদালতত হাজিৰ কৰি আৰক্ষীয়ে অধিক তথ্য উদঘাটনৰ বাবে সোধ-পোছৰ বাবে আৰক্ষীয়ে নিজৰ জিম্মাৎ ল'ব বুলি কাজলগাঁৱত এক সংবাদমেলক প্ৰকাশ কৰে ৷ লগতে সমগ্ৰ বিষয়টো তদন্ত কৰি অস্ত্ৰ নিৰ্মাণকাৰী লোক জনৰ বিষয়ে তথ্য সংগ্ৰহ কৰি পাছত সবিশেষ জনাব বুলিও আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰকাশ কৰে ৷
- Log in to post comments
- 4 views