বঙাইগাঁৱৰ পোপৰা গাঁৱত দিনতে চুৰি কাণ্ড,গৃহস্থই বাৰীত কাম কৰি থাকোতে চোৰে লুটি নিলে আ-অলংকাৰ, নগদ ধন  

bgn

বঙাইগাঁওঃ

বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত পোপৰাগাঁও বাখাৰাপাৰাত আজি দিন দুপৰতে এক চুৰি কাণ্ড সংঘটিত হয় ৷ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি গাঁওখনৰ ধনঞ্জয় চৌধুৰী নামৰ লোকজনৰ ঘৰত চোৰে প্ৰৱেশ কৰি আলমিৰাত থকা সোণ- ৰূপৰ অলংকাৰ আৰু কিছু নগদ ধন লুট কৰি নিয়ে ৷ ঘৰৰ গৰাকী ধনঞ্জয় চৌধুৰীয়ে জানিবলৈ দিয়া মতে ঘটনাটো দিনৰ ১২ ৰ পৰা ১ বজাৰ ভিতৰত সংঘটিত হয় ৷ পুৱাৰ ভাগত পত্নী চিদলীত যোৱাৰ পিছত তেৱোঁ বঙাইগাঁও চহৰলৈ আহিছিল যদিও ওভতি গৈছিল ৷ পিছত ঘৰৰ দুৱাৰত তলা লগাই দাখনলৈ বাৰীত কাম কৰিবলৈ সোমায় ৷ কাম কৰি থকাৰ সময়ত দুবাৰমান টিনৰ শব্দ শুনিছিল সদিও বিশেষ একো ভবা নাছিল ৷ কিন্তু কাম শেষ কৰি আহি ঘৰৰ তলাটো খুলাত হে হতভম্ব হৈ পৰে ৷ ঘৰৰ ভিতৰৰ আলমিৰা, শ্বকেচ আদি খোলা থকাৰ লগতে বিছনা আদিৰ সা- সামগ্ৰী, কাপোৰ- কানি লণ্ড- ভণ্ড হৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰি ঘৰত চুৰি হোৱাটো নিশ্চিত হয় ৷ পিছত ওচৰ - চুবুৰীয়াক বিষয়টো জনোৱাৰ লগতে আৰক্ষীকো অৱগত কৰে ৷ উল্লেখ্য যে ধনঞ্জয় চৌধুৰীৰ ঘৰৰ বেৰবোৰ টিনপাতৰ হোৱাত চোৰে বেৰৰ টিনপাত দাঙি ভিতৰত প্ৰৱেশ কৰি চুৰি কাৰ্য সংঘটিত কৰে ৷ এইদৰে দিন- দুপৰতে গ্ৰামাঞ্চলতো চুৰি কাণ্ড সংঘটিত হোৱাত লোকসকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে চিন্তিত হৈ পৰিছে ৷

Your Comments