নগাঁৱত ভুপেন হাজৰিকা সোঁৱৰণী চিত্ৰ কৰ্মশালা আৰু চিত্ৰাংকন প্ৰতিযোগিতা সম্পন্ন 

nagao

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা :


গুৱাহাটীৰ ক্ৰিয়েটিভ আইজৰ উদ্যোগত সদৌ অসম ভিত্তিত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা সোঁৱৰণি চিত্ৰ কৰ্মশালা আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ আঞ্চলিক অনুষ্ঠানটি আজি নগাঁও চহৰৰ নগাঁও বেঙ্গলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয় ৷ গুৱাহাটী ক্ৰিয়েটিভ আইজৰ সঞ্চালক প্ৰসিদ্ধ চিত্ৰ ভাস্কৰ্য শিল্পী দাদুল চলিহাই শিশুসকলক চিত্ৰশিল্পৰ এটি মাধ্যমৰ ওপৰত চমু প্ৰশিক্ষণ দিয়ে।নগাঁও বেঙ্গলী বিদ্যালয়ৰ  অধ্যক্ষা মীৰা ভাগৱতীয়ে আঞ্চলিক প্ৰতিযোগিতাখনিৰ শুভ উদ্বোধন কৰা এই মনোগ্ৰাহী অনুষ্ঠানটি নগাঁৱৰ জ্যোতি চিত্ৰাংকন বিদ্যালয়ৰ প্ৰতিষ্ঠাপক শিল্পী সুজিত দাসৰ পৰিচালনাত সুন্দৰভাৱে অনুষ্ঠিত হৈ যায় ৷ চিত্রাঙ্কন প্ৰতিযোগিতাত ‌মহাবাহু শাখাত প্রথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্রমে জন্নত তমলিনা হাচান, ওড়িশী লস্কৰ আৰু দৰথী গগৈ, বহ্নিমান শাখাত প্রথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্রমে কস্তুৰিকা শইকীয়া, খুশি ৰায় আৰু ভার্গবি ডেকাই । তাৰোপৰি লুইত শাখাত দুগৰাকী প্রতিযোগী ক্রমে বিশ্বজিৎ ৰায়, নীপজ্যোতি বৰদলৈ, সমন্বয় শাখাত ক্রমে ইক্রামূল হুচেইন আৰু নৱনিত অগস্তিৰ ছবি নির্বাচিত হৈছে ।উল্লেখযোগ্য যে প্ৰতিযোগিতাখনিত শতাধিক ছাত্র-ছাত্রীৰ অংশ গ্ৰহণেৰে  সফল সামৰণি পৰে বুলি  সুজিত দাসে NewsASNক জনাইছে ।

Your Comments