ঘাঁহীত ১৫গৰাকী কীৰ্তিমানক সাহিত্য সভা- জনকল্যাণ সমিতিৰ অভিনন্দন

nagaon

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা :

   নগাঁও জিলাৰ বেবেজীয়া সমীপৰ ঘাঁহীত আজি ১৫ গৰাকী কীৰ্তিমানক অভিনন্দন জনোৱা হয় । এই উপলক্ষে  ঘাঁহী-মহমৰীয়া অাঞ্চলিক হাইস্কুল প্ৰাঙ্গনত  বিয়লি ঘাঁহী  আঞ্চলিক শাখা সাহিত্য সভা আৰু ঘাঁহী আঞ্চলিক জনকল্যাণ সমিতিৰ সভাপতি হৰেণ বৰাৰ সভাপতিত্বত এখনি সম্বৰ্ধনা সভা অনুষ্ঠিত হয় । ঘাঁহী আঞ্চলিক শাখা সাহিত্য সভাৰ সম্পাদক ৰেৱ কান্ত দাসে উদ্দেশ্য ব্যাখ্যা আৰু সমাজকৰ্মী খগেন বনিয়াই  আদৰণী ভাষণ আগবঢ়োৱা সভাত জিলা সাহিত্য সভাৰ সম্পাদক মৃণাল হাজৰিকা, প্ৰাক্তন উপ-সভাপতি ভৱেশ মেধি,অৱসৰপ্ৰাপ্ত শিক্ষক ভদ্ৰকান্ত দাস,সমাজকৰ্মী ভবেন চন্দ্ৰ বৰা,সাংবাদিকদ্বয় মুৰুলী বৰুৱা আৰু দেৱজিৎ হাজৰিকাই ছাত্ৰ-ছাত্ৰীসকলৰ উপযোগীকৈ গঠনমূলক ভাষণ আগবঢ়ায় ।আজিৰ এই সভাতে উক্ত অঞ্চলৰ পৰা উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰত অষ্টম স্থান প্ৰাপ্ত নিশিতা খাটনিয়াৰকে ধৰি উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ১৫ গৰাকী কীৰ্তিমানক সম্বৰ্ধনা জনোৱা হয় । সভাখনিৰ অাৰম্ভনিতে ঘাঁহী শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ-ছাত্ৰীসকলে গুৰু বন্দনা পৰিৱেশন কৰাৰ লগতে ঘাঁহী-মহমৰীয়া আঞ্চলিক হাইস্কুলৰ প্ৰধান শিক্ষক প্ৰিয় নাথ দাসৰ বন্তি প্ৰজ্বলনৰে সভাখন আৰম্ভ হয়। সভাত কৃতী ছাত্ৰী নিশিতা খাটনিয়াৰে এটি গীত পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে ।nagao

কৃতি ছাত্ৰ- ছাত্ৰীসকলক সম্বৰ্ধনা পত্ৰ অাৰু কিতাপৰ টোপোলা অাৰু ফুলৰ থোপাৰে অভিনন্দন জনোৱা হয়। উল্লেখযোগ্য যে  সভাত সাংবাদিক ঋতুপৰ্ণ শৰ্মা, তুষাৰ শৰ্মা, দেৱব্ৰত বৰা,শিক্ষক-অভিনেতা শিল্পী প্ৰবীৰ বৰা,  অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নবীন বৰাকে ধৰি তিনি শতাধিক ৰাইজ উপস্থিত থাকে।

Your Comments