দুলু আহমেদৰ নিলম্বন প্ৰত্যাহাৰৰ দাবীত হাজো ৰাজীৱ ভৱনত কংগ্ৰেছীৰ প্ৰতিবাদী কাৰ্যসূচী

hajo

হাজোৰ পৰা কমলাকান্ত দাসৰ প্রতিবেদন :

কংগ্ৰেছ নেতা দুলু আহমেদৰ নিলম্বন প্ৰত্যাহাৰৰ দাবীত অসম প্ৰদেশ কংগ্ৰেছৰ অনুশাসন কমিটিৰ অধ্যক্ষ ৰকিবুল হুছেইনৰ প্ৰতিমূৰ্তি দাহ কৰে হাজো ব্লক কংগ্ৰেছ কমিটিয়ে। কমিটিৰ সভাপতিসহ প্ৰায় অৰ্ধশতাধিক সদস্যই ৰকিবুল হুছেইন গ' বেক, দুলু আহমেদৰ নিলম্বন প্ৰত্যাহাৰ কৰক, ৰাহুল গান্ধী, ছোনিয়া গান্ধী জিন্দাবাদ আদি শ্লোগান দি হাজো ৰাজীৱ ভৱনৰ সন্মূখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।


 

Your Comments