লাহৰীঘাটৰ প্ৰতিবেদক
মৰিগাঁও জিলাৰ ভূৰাগাঁৱৰ বন্যাপীড়িত লোকসকলৰ মাজত আজি অসম ছাত্ৰ-যুৱ সম্মিলনৰ তৰফৰ পৰা সাহায্য সামগ্ৰী বিতৰণ কৰা হয়। সাহায্য সামগ্ৰী বিতৰণত উপস্থিত থাকে অসম যুৱ ছাত্ৰ সন্মিলনৰ সাধাৰণ সম্পাদক মাধুৰ্য্য বৰুৱা, মৰিগাঁও জিলা ছাত্ৰ-যুৱ সম্মিলনৰ সাধাৰণ সম্পাদক ৰিয়াজুল ইছলাম, মাফুজ আল আলম, আৰিফ বাবা, আৰিফুল ইছলাম, বিপ্লৱ বৰগোঁহাই, অসম ছাত্ৰ-যুৱ সম্মিলনৰ ৰাজ্যিক যুটিয়া সম্পাদক প্ৰতিক ৰায়, কামৰূপ জিলা সম্পাদক কুশল দাস, বিকি পাল, নেকিবুৰ হুছেইনৰ লগতে সংখ্যালঘু ছাত্রনেতা আনোৱাৰ হুছেইন। বৰডোবাটুপ ডাক বাংলাত বন্যাক্ৰান্ত পৰিয়ালক চাউল, দাইল, মিঠাতেল, চাবোন, বুট, বিস্কুট, নেপকিন আদি সামগ্ৰী আগবঢ়োৱাৰ লগতে আনোৱাৰ হুছেইনৰ সহযোগত টেংঙাগুৰিৰ বান পৰিস্থিতিৰ বুজ লয়৷
- Log in to post comments
- 5 views