লোকসভা নিৰ্বাচনৰ শোচনীয় পৰাজয়ৰ আঘাতে নিস্তেজ কৰি তোলা কংগ্ৰেছৰ ওপৰত আন এটা প্ৰচণ্ড আঘাত।অসমৰ পৰা কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ তথা নেহৰু-গান্ধী পৰিয়ালৰ ঘনিষ্ঠ সঞ্জয় সিঙে ৰাজ্যসভাৰ পৰা পদত্যাগ কৰিছে।সিঙে বিজেপিত যোগ দিব পাৰে বুলি বাতৰি প্ৰকাশ পাইছে।
উল্লেখ্য যে বিগত লোকসভা নিৰ্বাচনত সঞ্জয় সিঙে উত্তৰ প্ৰদেশৰ চুলতান পুৰ সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈ বিজেপিৰ মেনকা গান্ধীৰ হাতত পৰাস্ত হৈছিল।
- Log in to post comments
- 55 views