পশ্চিম বড়িগোগ আঞ্চলিক ছাত্ৰ সন্থাৰ বান সাহায্য বিতৰণ

re

বাহাৰঘাটৰ পৰা নৰেন শৰ্মা

 

হাজো বিধানসভা সমষ্টিৰ পশ্চিম বড়িগোগ মৌজাৰ বানপীড়িত অঞ্চলত মঙলবাৰে পশ্চিম বড়িগোগ আঞ্চলিক ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দলে ৰাইজৰ মাজত বান সাহায্য বিতৰণ কৰে৷ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিজিত কলিতাৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোৰ লগত আছুৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰকাশ দাস,কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি দিবাকৰ কলিতা,সম্পাদক হেমন্ত দাস,সদস্য কমল কলিতা,ৰঙিয়া মহকুমা ছাত্ৰ সন্থাৰ সম্পাদক ভৱজ্যেতি ডেকাকে ধৰি আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া আৰু সদস্যসকলে সহযোগিতা আগবঢ়াই৷উল্লেখ্য যে পুঠিমাৰী নৈৰ বাঢ়নী পানীয়ে কেইবাঠাইতো মথাউৰি ছিগি হাজোৰ বিভিন্ন ঠাই প্লাৱিত কৰি বিভীষিকাৰ সৃষ্টি কৰিছিল।আঞ্চলিক ছাত্ৰ সন্থাৰ পদক্ষেপৰ ৰাইজে শলাগ লৈছে।

Your Comments