মুম্বাইত পথ দুৰ্ঘটনাত পতিত হৈ লংকাৰ শিক্ষকৰ মৃত্যু

acci

লংকাৰ পৰা মনোজ কুমাৰ পাঠক


মুম্বাইত পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হ'ল হোজাই জিলাৰ লংকাৰ এগৰাকী  শিক্ষকৰ।শিক্ষকগৰাকীৰ নাম  নিজাম উদ্দিন।তেওঁ লংকা তিনিআলিৰ চাইনিং গ্ল'ৰী স্কুলৰ স্বত্বাধীকাৰী হোৱাৰ লগতে প্ৰধান শিক্ষকৰ দায়িত্বত আছিল।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে,হোজাই জিলাৰ লংকা তিনিআলিৰ নিজাম উদ্দিনে  পৰিয়ালৰ লোকৰ সৈতে গৰমৰ বন্ধত মুম্বাইস্থিত ভাতৃগৃহলৈ ফুৰিবলৈ যোৱাৰ লগতে নিজৰ চিকিৎসাৰ বাবেও গৈছিল।সোমবাৰে ভাতৃগৃহৰ পৰা মটৰবাইক লৈ ওলাই আহোঁতেই দ্ৰুতবেগী ডাম্পাৰে বাইকসহ নিজাম উদ্দিনক মহতিয়াই লৈ যায় আৰু থিতাতে তেওঁৰ মৃত্যু হয়। বৰ্তমান নিজামৰ নশ্বৰদেহ বিমানৰ জৰিয়তে গুৱাহাটীলৈ আৰু গাড়ীৰে নিজৰ গৃহলৈ অনাৰ ব্যৱস্থা কৰা হৈছে বুলি লংকাস্থিত পৰিয়ালৰ লোকে জনাইছে।শিক্ষকগৰাকীৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।

Your Comments