বাহাৰঘাটৰ পৰা নৰেন শৰ্মা
সমগ্ৰ ৰাজ্যৰ লগতে হাজোতো বানে একপ্ৰকাৰৰ তাণ্ডৱৰ সৃষ্টি কৰিছিল।উল্লেখ্য যে পুঠিমাৰী নৈৰ বাঢ়নী পানীয়ে কেইবাঠাইতো মথাউৰি ছিঙি হাজোৰ বিভিন্ন ঠাই প্লাৱিত কৰি বিভীষিকাৰ সৃষ্টি কৰিছিল।বৰ্তমান বান পৰিস্থিতিৰ সামান্য উন্নতি ঘটিছে যদিও বন্যাৰ্তৰ লগতে পশুধনৰ মাজত খাদ্য সংকটৰ উপৰিও বিভিন্ন সমস্যাই দেখা দিছে।চৰকাৰী সাহায্যৰ সমান্তৰালকৈ বেচৰকাৰী সংস্থাসমূহেও বন্যাৰ্তৰ ওচৰত ঠিয় হৈছে সামান্য পৰিমাণে হ'লেও সকাহ দিবলৈ ।
হাজোৰ দিহিনাত সোমবাৰে বান সাহায্য লৈ উপস্থিত হয় গুৱাহাটী শিলপুখুৰী মহিলা নামঘৰৰ সদস্যসকল।প্ৰায় তিনি শতাধিক পৰিয়ালৰ মাজত সদস্যসকলে বিতৰণ কৰে চাউল,দাইল,আলু,পিঁয়াজ বিস্কুট আৰু প্ৰাথমিক পৰ্য্যায়ৰ দৰৱ।
- Log in to post comments
- 2 views