উত্তৰ গুৱাহাটীত অৱস্থিত ঐতিহ্যমণ্ডিত অশ্বক্লান্ত দেৱালয়ৰ অনন্তশায়ী বিষ্ণু মন্দিৰৰ কেইবাটাও অংশত মেলিছে বৃহৎ ফাট। আহোম ৰজা শিৱসিংহই ১৭২০ খ্ৰীষ্টাব্দত নিৰ্মাণ কৰা এই অশ্বক্লান্ত দেৱালয়ৰ উক্ত মন্দিৰটোৰ লগতে ভোজনালয়ৰ কিছু ঠাইত এতিয়া ফাট মেলা দেখিবলৈ পোৱা গৈছে।
এই সন্দৰ্ভত মূল পূজাৰী দিলীপ কুমাৰ শৰ্মাই কয় যে ১৯৫০ চনত অহা ভূমিকম্পতো দেৱালয়খনৰ একো ক্ষতি হোৱা নাছিল। কিন্তু জুলাইৰ ১৯ তাৰিখে যি ভূমিকম্প হৈছিল সেই ভূমিকম্পৰ পিছতেই এই ফাটসমূহ আমাৰ চকুত পৰে।'
"দেৱালয়ৰ সমীপতে 'জাইকা'ই পানী যোগান আঁচনিৰ বাবে লুইতত দলং নিৰ্মাণ কৰি আছে।অবৈধভাৱে নিৰ্মাণ কৰা সেই দলঙৰ খুঁটাসমূহ পোতাৰ সময়ত ভূপৃষ্ঠৰ কম্পন হয়।এই কম্পনৰ বাবে মন্দিৰটো দুৰ্বল হৈ পৰাৰ পৰিপ্ৰেক্ষিতত সাধাৰণ এটা ভূমিকম্পতে দেৱালয়খনত এই বৃহৎ ফাটসমূহ মেলিব পাৰে"--শৰ্মাই মন্তব্য কৰে।একাংশ স্থানীয় ব্যক্তিয়েও অনুৰূপ ধৰণেৰে মতপ্ৰকাশ কৰে।
গুৰুত্বপূৰ্ণ কথা যে প্ৰত্নতত্ব বিভাগৰ নিয়মমতে দেৱালয়খনৰ ১০০ মিটাৰৰ ভিতৰত বিভাগটোৰ অনুমতি নোহোৱাকৈ কোনো ধৰণৰ দৰ্শনাৰ্থী নিবাস বা আন কোনো মন্দিৰ নিৰ্মাণ কৰিব নোৱাৰিব।কিন্তু, মূল দেৱালয়খনৰ পৰা ঠিক ৫০ মিটাৰ নিলগত বিভাগটোৱে কিয় জাইকাক পানী যোগান আঁচনিৰ পাইপ লাইন বহুৱাবলৈ অনুমতি দিছে, সেয়া ৰহস্যজনক।জাইকাৰ সৈতে বিভাগটোৱে গোপন বুজাবুজি কৰিছিল বুলিও একাংশ স্থানীয় নাগৰিকে অভিযোগ কৰে।
উল্লেখযোগ্য যে এই জাইকাৰ পানী যোগান আঁচনিৰ অবৈধ দলঙৰ বাবেই ব্ৰহ্মপুত্ৰৰ বুকুত যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত সংঘটিত হৈছিল বৃহৎ নৌ দুৰ্ঘটনাটো।কিন্তু,তাৰ পিছতো বৰ্তমানলৈকে গা লৰা নাই চৰকাৰ তথা প্ৰত্নতত্ব বিভাগৰ।
এতিয়া প্ৰশ্ন হয় শ্ৰীশ্ৰীঅশ্বক্লান্ত দেৱালয়ৰ মেৰামতিৰ বাবে ৰাজ্য চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ কৰিবনে?নে ভগ্নাৱশেষত পৰিণত হ'ব ঐতিহ্যমণ্ডিত অশ্বক্লান্ত দেৱালয়।
- Log in to post comments
- 19 views