নগাঁৱত সৌন্দৰ্য বৰ্দ্ধন সম্পৰ্কীয় কৰ্মশালাৰ সামৰণি

nagao

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মাৰ প্রতিবেদন :

"হেয়াৰ ফেশ্বনক সৌন্দৰ্য বৰ্দ্ধনৰ কাৰক নহয়, বৰং বিজ্ঞান সন্মত এক পদ্ধতি ৰূপে গ্ৰহন কৰা উচিত । এই বিধ বিজ্ঞানে চুলিৰ যত্ন , সৌন্দৰ্যৰ লগতে ব্যক্তিত্ব বিকাশত এক বৰঙনি আগবঢ়ায়।"- এই মন্তব্য কৰে নগাঁও আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ অহিদুছ জামানে । আজি নগাঁও জিলাৰ খগেন মহন্ত প্ৰেক্ষাগৃহত নগাঁও হেয়াৰ ষ্টাইলৰ উদ্যোগত অনুষ্ঠিত  চুলিৰ সৌন্দৰ্যবদ্ধন , ল'বলগা যত্ন সৰ্ম্পকত এখনি কৰ্মশালা অনুষ্ঠিত হয় ।nagao

হেয়াৰ ফেশ্বন কৰ্মশালাখনিত ভাৰতৰ চুলি বিশেষজ্ঞ তথা হেয়াৰ ষ্টাইলিচ জাবেদ হবিবে অংশ গ্ৰহন কৰি প্ৰশিক্ষাৰ্থী সকলক বিশদ বিৱৰণ দাঙি ধৰে ।কৰ্মশালাটোৰ উদ্যোগতা ইতেন চাম চৰকাৰে আত ধৰা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহন কৰি সাংবাদিক দেৱজিৎ হাজৰিকাই কয়, চুলিত প্ৰসাধন প্ৰয়োগতকৈ কলা সন্মত ভাবে চুলিৰ যতনেহে চুলিৰ সৌন্দৰ্য বৃদ্ধি কৰে । সেয়েহে চুলিৰ কলাগত জ্ঞান আহৰণ কৰিবলৈ কৰ্মশালাৰ প্ৰয়োজন হয় । উল্লেখ্য যে অনুষ্ঠানত জাবেদ হাবিব , নাজিয়া হাচান, ইমদাদুল হুছেইনকে ধৰি লামডিং , হোজাই আৰু নগাঁও জিলাৰ বিভিন্ন স্হানৰ যুৱতী, মহিলা সকলে অংশ গ্ৰহন কৰে ।

Your Comments