লংকাত পথ দুৰ্ঘটনা: আহত তিনি

hojai

হোজাইৰ পৰা মনোজ কুমাৰ পাঠকৰ প্রতিবেদন :

হোজাই জিলাৰ লংকাৰ ৫৪নং ৰাষ্ট্ৰীয় ঘাই পথৰ লংকা মহাবিদ্যালয় সমীপত আজি এক পথ দূৰ্ঘটনা সংঘটিত হয়। নগাওঁ চহৰৰ ফালৰ পৰা লংকাৰ দিশে আহি থকা এখন ৰেনাল্ট গাড়ীয়ে লংকা মহাবিদ্যালয় সমীপত গাড়ীখনৰ সম্মূখলৈ হঠাৎ এটা গৰু আহি যোৱাত গৰুটো
বচাবলৈ গৈ বাহনখনে খুন্দা মাৰে পথৰ ডিভাইদাৰত । ফলত গাডীখন অহা শিশু সহ তিনিজন যাত্ৰী সামান্যভাৱে আহত হয় যদিও আটাইকে লংকা প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰা হয়।
দুৰ্ঘটনাগ্রস্থ গাডী খনৰ নম্বৰ এ এছ ০১ ডিএইছ ৪১৬৯

Your Comments