অনুজ্ঞাপত্ৰ বিহীন  ফাৰ্মাচীৰে ভৰি পৰিছে নগাঁও চহৰ

na

ৱাহিদুদ জামান,নগাঁও : 

নগাঁও জিলা স্বাস্থ্য বিভাগৰ একাংশ বিষয়া, ঔষধ পৰিদৰ্শকৰ কাৰ্যালয়ৰ বিষয়াক মেনেজ কৰি জিলা খনৰ নগাঁও চহৰকে প্ৰমুখ্যে কৰি বিভিন্ন অঞ্চলত একাংশ অনুজ্ঞাপত্ৰ বিহীন ফাৰ্মাচী, ক্লিনিক, পেথলজিকেল লেৱৰটৰীয়ে ৰামৰমীয়া ব্যৱসায় চলাই থকা পৰিলক্ষিত হৈছে।জিলা খনৰ গ্ৰাম্যাঞ্চল আৰু আন সৰু সৰু চহৰৰ কথাটো বাদেই নগাঁও চহৰতেই বিভাগীয় অনুজ্ঞাপত্ৰ অবিহনে চলি আছে অৰ্ধশতাধিক বিভিন্ন ধৰণৰ ফাৰ্মাচী।নগাঁও জিলা স্বাস্থ্য বিভাগৰ একাংশ বিষয়া, নগাঁও জিলা ঔষধ পৰিদৰ্শকৰ কাৰ্যাযলয়ৰ বিষয়া, একাংশ ঔষধ পৰিদৰ্শকক মেনেজ কৰি এই ঔষধ ব্যৱসায়ী সকলে বিভাগীয় অনুজ্ঞাপত্ৰ অবিহনেই ফাৰ্মাচী সমূহ চলাই থকা বুলি ৰাইজে এতিয়া অভিযোগ তুলিছে।নগাঁও ঔষধ পৰিদৰ্শকৰ কাৰ্যালয়ৰ তথ্য মতে অবিভক্ত নগাঁও জিলা খনত অনুজ্ঞাপত্ৰ থকা মুঠ ফাৰ্মাচীৰ সংখ্যা ছয় শতাধিক বুলি উল্লেখ থাকিলেও প্ৰকৃতাৰ্থত অবিভক্ত জিলা খনত এহেজাৰ খনৰো অধিক ফাৰ্মাচী আছে।
স্বাস্থ্য বিভাগৰ নিৰ্দেশনা অনুসৰি, বিভাগীয় পঞ্জীভূক্ত,প্ৰতিখন অনুজ্ঞাপত্ৰ থকা ফাৰ্মাচীতে অসম ফাৰ্মাচী কাউঞ্চিলৰ ডিগ্ৰী-ডিপ্লোমাধাৰী ফাৰ্মিচিষ্ট থকাটো বাধ্যতামূলক।কিন্ত নগাঁও জিলাত অনুজ্ঞাপত্ৰহীন ফাৰ্মাচীটো বাদেই অনুজ্ঞাপত্ৰ থকা ফাৰ্মাচী সমূহৰো বহুকেইখনত কাগজে-কলমেহে তেন ফাৰ্মাচিষ্ট নিযুক্তি দি থৈছে।কিন্তু জিলা খনৰ ৯৫ শতাংশ ফাৰ্মাচীতেই আজিৰ তাৰিখত বিভাগীয় নথিত নিযুক্ত হৈ থকা বুলি উল্লেখ কৰা ফাৰ্মাচিষ্টৰ কোনো অস্তিত্ব বিচাৰি পোৱা নাযায়।

ইফালে নগাঁৱৰ স্বাস্থ্য বিভাগৰ একাংশ বিষয়া, ঔষধ পৰিদৰ্শকৰ কাৰ্যালয়ৰ একাংশ বিষয়াক মেনেজ কৰি একাংশ ঔষধ ব্যৱসায়ীয়ে নগাঁও চহৰৰ মাজমজিয়াতেই ড্ৰাগ লাইচেন্সৰ ম্যাদ উকলি যোৱা সত্বেও নৱীকৰণ নকৰাকৈ পুৰণা নথিৰেই ফাৰ্মাচী চলাই থকাৰ দৰে গুৰুতৰ তথ্য শেহতীয়াভাবে পোহৰলৈ আনিছে আৰ টি আই কৰ্মী আজিজুৰ ৰহমানে।ৰহমানক নগাঁও জিলা ঔষধ পৰিদৰ্শকৰ কাৰ্যালয়ে যোগান ধৰা তথ্যত প্ৰকাশ পোৱা অনুসৰি চহৰ খনৰ কেইবাখনো ফাৰ্মাচীৰ ড্ৰাগ লাইচেন্সৰ ম্যাদ উকলি গৈছে।
আনহাতে আৰ টি আই তথ্যত প্ৰকাশ পোৱা অনুসৰি, চহৰ খনৰ এখন নামজ্বলা মেডিকেল ষ্টোৰত ফাৰ্মাচিষ্ট হিচাপে থকা জনৈক মুজতাবা উপাধিৰ লোক এজনক নিযুক্তি দি থোৱা হৈছে যদিও তেওঁৰ আসাম ফাৰ্মাচী কাউন্সিলৰ পঞ্জীয়ণৰ নৱীকৰণৰ তাৰিখ ৩১-১২-২০১৭তে উকলিছে।আনহাতে চহৰ খনৰ আন এখন খ্যাতনামা মেডিকেল ষ্টৰতো নিযুক্তি দি ৰখা জৈনেক আহমেদ উপাধিৰ ফাৰ্মাচিষ্ট জনৰো অসম ফাৰ্মাচী কাউন্সিলৰ ৰেজিষ্ট্ৰেচন নৱীকৰণৰ তাৰিখ ২০১২ বৰ্ষৰ৩১ডিচেম্বৰতে উকলা বুলি আৰ টি আইৰ তথ্যত প্ৰকাশ পাইছে।এইয়া মাত্ৰ দুটা উদাহৰণহে।এনেকুৱা পঞ্জীয়নৰ নৱীকৰণ নথকা ফাৰ্মাচিষ্ট নিযুক্তি দি ৰাখিছে নগাঁৱৰ শতাধিক ফাৰ্মাচীত।যাৰ কোনো অস্তিত্ব বিচাৰি পোৱা নাযায় ফাৰ্মাচী সমূহত। জনসাধাৰণৰ জীৱনৰ লগত ধেমালি কৰা এনে কার্য অতি শীঘ্ৰেই বন্ধ হোৱাটো বিচাৰিছে স্থানীয় ৰাইজে।

Your Comments