বানাক্ৰান্তক যথোচিত সাহায্য-পুনৰ সংস্থাপনৰ দাবীত মৰিগাওঁ জিলা সাংবাদিক সংস্থাৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ

marigaon

 মৰিগাঁৱৰ পৰা জিতুমণি নাথ 

ব্ৰক্ষ্মপুত্ৰৰ বাঢ়নী পানীয়ে মৰিগাঁও জিলাৰ ৪৩৬  খন গাঁৱৰ সাত লক্ষাধিক লোকৰ বিস্তৰ ক্ষতি সাধন কৰাৰ উপৰিও কৃষিক্ষেত্ৰখন বিনষ্ট কৰি তোলাৰ পৰিপেক্ষিতত মৰিগাওঁ জিলাবাসীৰ সমস্যা সমাধানৰ বাবে সোমবাৰে মৰিগাঁও জিলা সাংবাদিক সংস্থাই মৰিগাওঁ জিলা উপায়ুক্তৰ জৰিয়তে  মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে। সংস্থাৰ সভাপতি প্ৰতাপ হাজৰিকা,সম্পাদক জিতুমনি নাথ,উপদেষ্টা বিৰিঞ্চি কুমাৰ শৰ্মা,উপ-সভাপতি জাকিৰ হুছেইন,জ্যেষ্ঠ সাংবাদিকদ্বয় ৰিতুমণি মহন্ত,গুলজাৰিলাল শৰ্মাৰে গঠিত প্ৰতিনিধি দলে জিলা উপায়ুক্ত ঋতুৰাজ বৰাক কাৰ্য্যালয় কক্ষত সাক্ষাৎ কৰি স্মাৰকপত্ৰখন প্ৰদান কৰে। 


স্মাৰকপত্ৰত বৰ্তমানৰ বানত মৰিগাওঁ জিলাত ২৪ জন লোকৰ প্ৰাণহানি হোৱাৰ উপৰি  জিলাখনৰ ২৭,২৭৫  হেক্টৰ কৃষি ভূমিৰ শস্য নষ্ট হোৱাৰ ফলত প্ৰায় ১৯ কোটি টকা মূল্যৰ ক্ষতি হোৱাৰ ফলত জিলাখনৰ কৃষি অৰ্থনীতিৰ ৰাজহাড় ভাঙি পৰা বুলি উল্লেখ কৰে। এশিঙীয়া গঁড়ৰ বিচৰণ ভূমি পবিতৰা অভয়াৰণ্যত দুটা একেবাৰে সৰু গঁড় পোৱালি মৃত্যু হোৱা ঘটনাক উদ্বেগ প্ৰকাশ কৰি সংস্থাই কয় ২০০৪  চনৰ প্ৰলয়ংকৰী বানত পবিতৰা অভয়াৰণ্য সম্পুৰ্ণ ৰূপে ডুব যোৱাৰ নিৰ্মম অভিজ্ঞতাৰ পিছতো অভয়াৰণ্যখনৰ জীৱকুলে বানৰ সময়ত আশ্ৰয় গ্ৰহণ কৰিব পৰাকৈ পৰ্যাপ্ত ওখ ভেটি নিৰ্মাণ নকৰাটো বন বিভাগৰ হেমাহি আৰু ব্যৰ্থতা বুলি অভিহিত কৰে। জিলাখনৰ ৪ লক্ষাধিক সৰু- বৰ পশুধন বানত আক্ৰান্ত হোৱাৰ লগতে শতাধিক মৃত্যু হোৱা,শতাধিক পোহনীয়া মাছৰ পুখুৰী বানত ডুব যোৱাত চৰম বিপৰ্যয়ৰ সন্মুখীন হ'ব লগাত পৰিছে পশুপালক আৰু মীনপালকসকল। তদুপৰি ৪৪৩ খন বিদ্যালয়ৰ বানে বিস্তৰ ক্ষতি সাধন কৰাৰ লগতে ৭ খনকৈ বিদ্যালয় বানে উটুৱাই নিয়াৰ ফলত ছাত্ৰ-ছাত্ৰীসকলৰ নিয়মীয়া পাঠ গ্ৰহণত ব্যাপক জটিলতাৰ সৃষ্টি হৈছে। আনহাতে,ব্ৰক্ষ্মপুত্ৰৰ ২১ কিলোমিটাৰ উন্মুক্ত মথাউৰিৰ বিষয়ে উল্লেখ কৰি মৰিগাঁও জিলা সাংবাদিক সংস্থাই ৬ দফীয়া দাবীপত্ৰত মুখ্যমন্ত্ৰীক হ্ৰস্ব আৰু দীৰ্ঘকালীন পদক্ষেপ গ্ৰহণৰ দাবী জনায়। 


সংস্থাই স্মাৰকপত্ৰত উল্লেখ কৰা দাবীসমূহ হৈছে বানত ক্ষতিগ্ৰস্ত হোৱাসকলৰ সাহায্য,পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা,মৃত্যু হোৱাসকলক তাৎক্ষণিক এককালীন সাহায্য দিয়া,প্ৰকৃত ক্ষতিগ্ৰস্তই যাতে সাহায্য লাভ কৰে, তাৰ বাবে প্ৰশাসনে চোকা নজৰ দিয়া,বান্ধহীন ২১ কিলো মিটাৰ ব্ৰক্ষ্মপুত্ৰ মথাউৰি নিৰ্মাণ কৰা,চলিত বানত বানে উটুৱাই নিয়া,মথাউৰি তিনিটাৰ স্থান তাৎক্ষণিকভাৱে নিৰ্মাণ কৰা,কৃষক,পশু আৰু মীনপালক সকলক এককালীন সাহায্য আৰু বিশেষভাৱে কঠিয়া যোগান ধৰা,পবিতৰা অভয়াৰণ্যত পৰ্যাপ্তসংখ্যক আৰু সঘনে বানপানী হোৱা অঞ্চলসমূহত ওখ ভেটি নিৰ্মাণ কৰা,বিধ্বস্ত বাট-পথসমূহৰ নিৰ্মাণ আৰু মেৰামতি কৰা,ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহ নিৰ্মাণ আৰু মেৰামতিৰ বাবে বিশেষ পুঁজি আবন্টন দিয়াৰ বিষয়ে উল্লেখ কৰে।

Your Comments