গুৱাহাটী প্ৰেছ ক্লাবত বেলতলা কবি সন্মিলনৰ কবি হীৰেন ভট্টাচাৰ্যৰ ওপজা দিন পালন

hiren

নিউজ ডেস্ক:

সদৌ অসম কবি সন্মিলনৰ অন্তৰ্ভুক্ত বেলতলা কবি সন্মিলনে অহা ২৮ জুলাই দেওবাৰে ‘সুগন্ধি পখিলা’ৰ কবি হীৰেন ভট্টাচাৰ্যৰ ওপজা দিন গুৱাহাটী প্ৰেছ ক্লাবত পালন কৰিব। প্ৰয়াত প্ৰথিতযশা কবিগৰাকীৰ ওপজা দিন পালন উপলক্ষে এখন আলোচনাচক্ৰ আৰু কবি সন্মিলনৰ আয়োজন কৰা হৈছে। দিনৰ ১২-৩০ বজাৰ পৰা আৰম্ভ হ'বলগীয়া কাৰ্যসূচীত 'হীৰেন ভট্টাচাৰ্যৰ কবিতা' বিষয়ৰ আলোচনাচক্ৰত বক্তা হিচাপে অংশগ্ৰহণ কৰিব বিশিষ্ট সাহিত্যিক-সমালোচক প্ৰদীপ আচাৰ্যই। আন এগৰাকী বক্তা হিচাপে উপস্থিত থাকিব সাহিত্য অকাডেমিৰ অসমীয়া ভাষাৰ উপদেষ্টা পৰিষদৰ সদস্য তথা বিশিষ্ট অনুবাদক বিপুল দেউৰী। পৰৱৰ্তী পৰ্যায়ত বিশিষ্ট কবি মনজিৎ সিঙৰ সঞ্চালনাত আয়োজিত হ'বলগীয়া কবি সন্মিলনত ২৮ গৰাকী কবিয়ে কবিতা পাঠ কৰিব বুলি জনাইছে বেলতলা কবি সন্মিলনৰ সভাপতি ধনজিৎ তালুকদাৰ আৰু সম্পাদক মনালিছা শৰ্মাই।

Your Comments