এতিয়াৰে পৰা বছৰটোৰ ৩৬৫ দিনেই হলত প্ৰদৰ্শিত হ'ব অসমীয়া চলচ্চিত্ৰ

film

অসম চৰকাৰৰ চলচ্চিত্ৰ নীতিয়ে আশাৰ ৰেঙণি কঢ়িয়াই আনিছে অসমীয়া ছবিজগতলৈ। ইয়াৰ জৰিয়তে ছবি নিৰ্মাতাসকলে অতি কম খৰছতে অসমীয়া ছবি নিৰ্মাণ কৰি উলিয়াব পাৰিব।অসম চৰকাৰৰ কেবিনেটে অনুমোদন জনালে এই  চলচ্চিত্ৰ নীতিৰ।অসমীয়া চলচ্চিত্ৰৰ উন্নয়ন,উত্তৰণ আৰু বিকাশৰ বাবে এই চলচিত্ৰ নীতি বুলি উল্লেখ কৰিব পাৰি।


যোৱা চাৰিটা দশকজুৰি সাংস্কৃতিক কৰ্মীসকলে এক সুস্থ চলচ্চিত্ৰ নীতিৰ বাবে প্ৰস্তাৱ আগবঢ়াই আহিছিল।সেই প্ৰস্তাৱক সোণোৱাল কেবিনেটে বৰ্তমান সন্মতি প্ৰকাশ কৰাৰ বাবে গুৱাহাটী নেমকেয়াৰ হাস্পতালৰ প্ৰেক্ষাগৃহত বুধবাৰে চলচ্চিত্ৰ সমাজে এখনি সংবাদমেলৰ সম্বোধন  কৰি সোণোৱাল চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰে। 


সংবাদমেলখনত চলচ্চিত্ৰ সমাজে চলচ্চিত্ৰ নীতি অনুমোদন কৰাৰ বাবে  মুখ্যমন্ত্ৰী,বিত্ত মন্ত্ৰী আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰীক ধন্যবাদ জনাই। 

উক্ত সংবাদমেলত নেমকেয়াৰ হাস্পতালৰ পৰিচালন সঞ্চালক হিতেশ বৰুৱাই কয়- 'অসমীয়া চলচ্চিত্ৰ জগতৰ ৪০ বছৰীয়া সপোন পূৰণ হোৱাৰ পথত।সঁচাকৈয়ে আমাৰ বাবে আনন্দৰ দিন। এই নীতিৰ জৰিয়তে চলচ্চিত্ৰ জগতখনক অধিক আগুৱাই নিব পাৰিম।' যোৱা ২২ জুলাইত অনুমোদিত হৈছে 'অসম চলচ্চিত্ৰ নীতি-২০১৯'।


অভিনেত্ৰী মৃদুলা বৰুৱাই উক্ত সংবাদমেলত কয়-'এই নীতিৰ বাবে আমি ৪০ বছৰে বহুত যুদ্ধ কৰিছিলো।এতিয়া এক আশাৰ ৰেঙণি দেখা পাইছোঁ। এই নীতিত প্ৰত্যেক ক্ষেত্ৰতে চৰকাৰে সহযোগ কৰিছে। চিনেমা হলৰ ক্ষেত্ৰত চৰকাৰে উত্তম সিদ্ধান্ত গ্ৰহণ কৰিছে। জ্যোতি চিত্ৰবনৰ কাঠামো আৰু উন্নত হ'ব। আমাৰ দায়িত্ব আগতকৈ বাঢ়িব যাতে দৰ্শকক ভাল চিনেমাৰ সোৱাদ দিব পাৰোঁ।'

পৰিচালক ৰাজেশ ভূঞাই কয়-'বিজু ফুকন,আব্দুল মজিদ,মুনীন বৰুৱাৰ সপোন পূৰণ হৈছে।এই নীতিৰ জৰিয়তে ভৱিষ্যত পৰিকল্পনা সুনিশ্চিত কৰিছে।৩৬৫ দিনেই হলত অসমীয়া চিনেমা চলিব। ইচ্ছা কৰিলেই চলচ্চিত্ৰ নির্মাতাই হলত প্ৰদৰ্শন কৰিব পাৰিব।এই নীতিৰ জৰিয়তে হলৰ মালিক কৰ্তৃপক্ষ, চলচিত্ৰ প্ৰযোজক,পৰিচালক আৰু কলাকুশলী উপকৃত হৈছে।২৫ শতাংশ ৰাজসাহায্য দিয়া হৈছে পৰিচালকসকলক।এয়া এক ডাঙৰ সকাহ পৰিচালক- প্ৰযোজকৰ বাবে।ফিল্ম ফাইনেন্সে চিনেমা প্ৰযোজনা কৰিব।'

কলাকুশলী আৰু চিকিৎসাৰ ক্ষেত্ৰত ২ লাখ টকাৰ জীৱন বীমাৰ কথা উল্লেখ আছে এই চলচ্চিত্ৰ নীতিত।লগতে এই চলচ্চিত্ৰ নীতিত বন্ধ হৈ যোৱা হলসমূহ পুনৰ উজ্জীৱিত কৰাৰ কথা উল্লেখ থকাৰ লগতে নতুনকৈ হল নিৰ্মাণৰ প্ৰসংগও উল্লেখ আছে।

তদুপৰি,চিনেমা নিৰ্মাণৰ বাবদ হোৱা মুঠ ব্যয়ৰ ২৫ শতাংশ ৰাজসাহায্য চৰকাৰৰ পৰা ঘূৰাই পাব বুলিও ৰাজেশ ভূঞাই জানিবলৈ দিয়ে।

Your Comments