বইটামাৰী :
বঙাইগাওঁ জিলাৰ মূলাগাৱঁত টুনীয়া নৈৰ কোবাল সোঁতত ৰাভাপাৰা সংযোগী পথত থকা কাঠৰ দলং উটুৱাই নিয়াত ৰাইজে চৰম দুৰ্ভোগ ভুগিছে । বিগত তিনিদিন ধৰি হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত টুনীয়া নৈয়ে ভয়ানক ৰূপ ধাৰণ কৰিছে । নৈ খনৰ সোঁতত কাঠৰ দলং উটি যোৱাত মূলাগাওঁ ৰাভাপাৰাত থকা শতাধিক পৰিয়ালৰ লোকসকল সম্পূৰ্ণ ৰূপে যাতায়ত যোগাযোগ বিচ্ছিন্ন হৈ পৰে।এতিয়া নিৰূপায় লোকসকলে বিপজ্জনকভাৱে কেইডালমান বাঁহ বান্ধি যাতায়ত কৰিবলৈ লৈছে । উল্লেখ্য যে , উক্ত ঠাইত পকী দলং নিৰ্মানৰ কাম চলি আছে যদিও এই কাম অতি লেহেমীয়া হোৱাত এনেদৰে দুুৰ্ভোগ ভুগিছে ৰাইজে । প্ৰশাসনৰ সহায় বিচাৰিছে ৰাইজে ।
- Log in to post comments
- 9 views