কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বন্যপ্ৰাণীৰ বিলৈ: ২২ জুলাই পৰ্যন্ত ১৬টা গঁড়কে ধৰি ১৮৭ টা বন্যপ্ৰাণীৰ মৃত্যু

kajiranga

 নগাঁৱৰ পৰা ৱাহিদুদ জামান

প্ৰলয়ংকৰী বানে তাণ্ডৱ সৃষ্টি কৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এইবাৰৰ বানত মৃত্যু হোৱা জীৱজন্তুৰ সংখ্যা বৃদ্ধি পায়েই আছে। বন বিভাগৰ তথ্য অনুসৰি আজি পুৱা পৰ্যন্ত ৰাষ্ট্ৰীয় উদ্যানখনত বানপানীৰ ফলত ১৬ টা গড়কে ধৰি মুঠ ১৮৭ টা বিভিন্ন জীৱজন্তুৰ মৃত্যু হৈছে৷ আজি পুৱা  কাজিৰঙাৰ বন বিভাগে দিয়া তথ্য অনুসৰি বৰ্তমানলৈকে বানপানীত ৰাষ্ট্ৰীয় উদ্যানখনৰ মুঠ ১৫২ টা পহুৰ মৃত্যু হৈছে। ইয়াৰে গাড়ীৰ খুন্দাত  ১৬ টা পহু,  পানীত পৰি ১২৯ টা পহু,  অন্যান্য কাৰণত ১০ টা পহু আৰু চিকিৎসাধীন অৱস্থাত ৫ টা পহুৰ মৃত্যু হয়৷ আনহাতে, ৰাষ্ট্ৰীয় উদ্যানখনত এইবাৰৰ বানত আজি পুৱা পৰ্যন্ত মুঠ ১৬টা গঁড়ৰ মৃত্যু হৈছে। ইয়াৰে, পানীত পৰি  ১৫ টা আৰু অন্যান্য কাৰণত ১ টা গঁড়ৰ মৃত্যু হৈছে। বান ৰাষ্ট্ৰীয় উদ্যানখনৰ ১টা হাতী, ২টা ম',  ১৩টা বনৰীয়া গাহৰি,  ৩টা কেটেলা পহুৰো মৃত্যু হয়।

ইপিনে,  চলিত বানত ৰাষ্ট্ৰীয় উদ্যান ৬৪ টা বন্য জন্তু উদ্ধাৰ কৰা হৈছে। ইয়াৰে চিকিৎসাৰ পাছত মুকলি কৰি দিয়া হৈছে ৫২ টা পহু ।অৱশ্যে চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ৫ টা পহুৰ। বৰ্তমানেও পাবাৰীৰ বন্যপ্ৰাণী সংৰক্ষণ আৰু পুনৰ সংস্থাপন কেন্দ্ৰত চিকিৎসাধীন হৈ আছে ৮ টা বন্য জন্তু৷ ইয়াৰ ভিতৰত আছে পহু ৬ টা পহু আৰু ২ টা গঁড়ৰ পোৱালি। চলিত বানত আজি পুৱা পৰ্যন্ত ৰাষ্ট্ৰীয় উদ্যানখনত বন্যপ্ৰাণীৰ মৃত্যুৰ সংখ্যা ১৮৭ টালৈ বৃদ্ধি পাইছে৷ তাৰে গাড়ী খুন্দাত ১৬,  পানীত পৰি ১৫৫ টা,  অন্যান্য কাৰণত ১১ আৰু চিকিৎসাধীন অৱস্থাত ৫ টা জীৱ জন্তুৰ মৃত্যু হৈছে৷ আনহাতে,  উদ্যানখনৰ ১৯৯ টা বন শিবিৰৰ ভিতৰত ২৭ টা বন শিবিৰৰ তলত এতিয়াও পানী আছে৷ পানী শুকাই অহাৰ লগে লগে উদ্যানখনত জীৱ জন্তুৰ মৃত্যুৰ সংখ্যা অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে৷

Your Comments