আধুনিক দিল্লীৰ অন্যতম ৰূপকাৰ,ভূতপূৰ্ব মুখ্যমন্ত্ৰী শীলা দীক্ষিতৰ আকস্মিক বিয়োগৰ পিছত এতিয়া দিল্লী কংগ্ৰেছত নেতৃত্বৰ সংকট।শীলা দীক্ষিতৰ নেতৃত্বত বিগত লোকসভা নিৰ্বাচনত কংগ্ৰেছে দিল্লীৰ সাতখন আসনত পূৰ্বৰ তুলনাত সন্তোষজনক ফল প্ৰদৰ্শন কৰিছিল।২০১৪ চনৰ লোকসভা নিৰ্বাচনত আসনকেইখনত তৃতীয় স্থানত থকা কংগ্ৰেছে বিগত লোকসভা নিৰ্বাচনত আম আদমী পাৰ্টীক পিছলৈ ঠেলি দ্বিতীয় স্থানলৈ আহিছিল।শীলা দীক্ষিতৰ নেতৃত্বতে দিল্লীৰ ২০২০ চনৰ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা আছিল কংগ্ৰেছ।
এনে পৰিস্থিতিত দীক্ষিতৰ আকস্মিক বিয়োগত দিল্লীত এতিয়া কংগ্ৰেছত নেতৃত্ববিহীনতা।বিভিন্ন শীৰ্ষ নেতাৰ গোটত বিভক্ত দিল্লী কংগ্ৰেছৰ নেতৃত্ব কাক দিয়া হ'ব,তাকে লৈ চিন্তিত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্ব।
- Log in to post comments
- 8 views