নগাঁও নাট্য মন্দিৰত আজি  মঞ্চস্থ হ'ব ডঃ দেৱাশীষ বেজবৰুৱাৰ বহু চৰ্চিত নাট "সংকল্প"

nagao

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা :

জোন এটি মানসিক ৰোগত আক্ৰান্ত শিশু । "স্কিজফ্ৰেনিয়া" নামৰ ভয়াবহ ৰোগত আক্ৰান্ত জোন হঠাতে খঙত একো নাই হৈ উঠে,হঠাতে ভীতিগ্ৰস্ত হৈ পৰে,হঠাতে অনুশোচনাত দগ্ধ হৈ পৰে ।মুনু আৰু সহযোগীসকলে চেষ্টা কৰে জোনক ভাল কৰি তুলিবলৈ । জোন মানসিক ৰোগত ভোগে কিয় ? তাৰ দেউতাক ঢুকাল কেনেকৈ? মাকে জোনক লৈ কি কৰে ? চাচা চাহেব
আৰু ভিক্ষাৰীয়ে কি ভয়াবহতাৰ ইংগিত দিয়ে ? আমেৰিকাত সংগীতানুষ্ঠান পৰিৱেশৰ বাবে ওলোৱা ডেকা-গাভৰুহঁতৰ লগত জোনৰ কি সম্পৰ্ক ? জোন সুস্থ হৈ উঠেনে ? যদি সুস্থ হৈ উঠে তেনেহ'লে কিদৰে সুস্থ হৈ উঠে ?--এই সকলোবোৰ ৰহস্য ভেদ কৰিব আজি (২১জুলাই , দেওবাৰ) নগাঁৱত মঞ্চস্থ হ'বলগীয়া "সংকল্প" নামৰ নাটখনিয়ে । ৰাজ্যৰ সাম্প্ৰতিক ভয়াবহ বানপানীত ক্ষতিগ্ৰস্ত লোকক বান সাহাৰ্য্যৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ দেৱাশিষ বেজবৰুৱাৰ দ্বাৰা ৰচিত "সংকল্প" নাটখনিৰ জৰিয়তে জনমত সৃষ্টি কৰা হ'ব । সংগীত নাটক অকাডেমীৰ সহযোগিতাত বেবেজীয়াৰ সমীপৰ হাতীচোঙৰ শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ে মঞ্চস্থ কৰিব লগীয়া "সংকল্প" নাটখনিৰ পৰিচালনা মোহন শইকীয়াৰ ।nagao2

সামগ্ৰিক ব্যৱস্থাপনা অজিত চন্দ্ৰ বৰাৰ,সহকাৰী পৰিচালক পৰাগজ্যোতি কলিতাৰ,সংগীত পৰিচালক নৱজিৎ বৰাৰ আৰু পোহৰ কংকন জ্যোতি নাথৰ । নগাঁও নাট্য মন্দিৰ প্ৰাংগনত সন্ধ্যা ৬-৩০ বজাৰ পৰা নিবেদন হ'বলগীয়া নাটখনিৰ নাট্যপ্ৰেমী দৰ্শকক বান সাহাৰ্য্যৰ প্ৰয়াসত সহযোগিতাৰ হাত আগবঢ়াবলৈ শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ৰ পৰিচালনা সমিতিৰ হৈ সভাপতি পূৰ্ণ চন্দ্ৰ বেজবৰুৱা,কাৰ্যকৰী সভাপতি মিহিৰ ভূঞা,সম্পাদক অজিত চন্দ্ৰ বৰা আৰু সহকাৰী সম্পাদক চন্দনজ্যোতি বৰাই অনুৰোধ জনাইছে ।

Your Comments