ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰপ্ত অৱসৰী প্ৰধান অধ্যাপক জিতেন্দ্ৰ নাথ শৰ্মাৰ পৰলোক : বৰভাগত শোক

baharghat

নৰেন শৰ্মা,বাহাৰঘাট :
বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত আঠঘৰীয়া গাঁও নিবাসী ৰাষ্ট্ৰীয় কৃতী শিক্ষকৰ বঁটা প্ৰাপক অৱসৰী প্ৰধান অধ্যাপক জিতেন্দ্ৰ নাথ শৰ্মাৰ যোৱা কালি নিশা ৭-৩০ বজাত পৰলোকপ্ৰাপ্তি ঘটে।  শ্বাস-প্ৰশ্বাসজনিত কাৰণত শৰ্মাৰ স্বাস্থ্যৰ অৱনতি ঘটাত গুৱাহাটী জি এম চি এইচত তেওঁক ভৰ্তি কৰোৱা হৈছিল। তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ পিছতে বাসগৃহলৈ গুণমুগ্ধৰ সোঁত ববলৈ ধৰে। আজি পু্ৱা তেওঁৰ মৃতদেহ কৰ্মস্থলী দামোদৰধাম ধীৰেশ্বৰ বিদ্যালয় আৰু দামোদৰধাম পাণ্ডুলালৈ অনা হয় আৰু ৰাজহুৱা শ্ৰদ্ধা নিবেদন কৰা হয়। বৰভাগ শাখা সাহিত্য সভা, দামোদৰধাম ধীৰেশ্বৰ বিদ্যালয়, দামোদৰধাম, বৰভাগ জ্যেষ্ঠ নাগৰিক মঞ্চ, বৰভাগ প্ৰেছ ক্লাৱ, বৰভাগ আঞ্চলিক ছাত্ৰ সন্থা,  পূৱ উপৰবৰভাগ দুৰ্গা পূজা, নলবাৰী জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক সমৰজ্যোতি মহন্ত, অৱসৰী অধ্যপক ৰজত চন্দ্ৰ কলিতা, কনক চন্দ্ৰ লহকৰকে ধৰি অসংখ্য গুণমুগ্ধৰ লগতে বিভিন্ন অনুষ্ঠান -প্ৰতিষ্ঠানে শ্ৰদ্ধা নিবেদন কৰে। ইয়াৰ পিছতে আঠঘৰীয়া ৰাজহুৱা শ্মশানত শৰ্মাৰ শেষকৃত্য সমাপন কৰে।

 অঞ্চলটোত এগৰাকী সমাজ হিতৈসী হিচাপে পৰিচিত শৰ্মাই প্ৰথমে নগাঁৱৰ বৰদোৱাৰ মহেন্দ্ৰ কন্দলি সংস্কৃত টোলৰ দ্বিতীয় অধ্যাপক হিচাপে কাম কৰি পিছত বৰভাগৰ পাণ্ডুলাস্থিত দামোদৰধাম ধীৰেশ্বৰ বিদ্যালয়ত যোগদান কৰি ২০০৯ চনৰ ৯ ফেব্ৰুৱাৰীত প্ৰধান অধ্যাপক হিচাপে অৱসৰ  গ্ৰহণ কৰে। তেওঁ দামোদৰ ধামৰ উপসভাপতি, বৰভাগ শাখা সাহিত্য সভাৰ উপসভাপতি, সদৌ অসম অধ্যাপক সন্মিলনৰ সম্পাদক, দামোদৰধাম ধীৰেশ্বৰ বিদ্যালয় পৰিচালনা সমিতিৰ দাতা সদস্য, পূৱ উপৰবৰভাগ দুৰ্গা পূজা, আঠঘৰীয়া গাঁও উন্নয়ন সমিতি আদি বিভিন্ন অনুষ্ঠান লগত ওতঃপ্ৰোত ভাবে জড়িত আছিল। তেঁওক ২০০৮ চনৰ ৫ চেপ্তেম্বৰত শৰ্মাক ভাৰত চৰকাৰে কৃতী শিক্ষকৰ বঁটায়ো প্ৰদান কৰে। ২০১৯ বৰ্ষৰ পহিলা বহাগত অসম সাহিত্য সভাই ওদগনি  প্ৰত্ৰ প্ৰদান কৰে। তেওঁ স্থানীয় বিভিন্ন আলোচনীৰ পাতত অসংখ্য মূল্যবান লেখা এৰি থৈ গৈছে। আজি দামোদৰধাম পাণ্ডুলা সত্ৰ বজাৰৰ ব্যৱসায়ী সকলে সমূহ শৰ্মাৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত দোকন বন্ধ ৰাখে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৮ বছৰ। ইহ সংসাৰত তেওঁ পত্নী আৰু একমাত্র পুত্ৰ-বোৱাৰী সহ অসংখ্য গুণমুগ্ধক এৰি থৈ যায়।

Your Comments