আহত ছাত্ৰ নেতা অভিজিৎ নাথৰ স্বাস্থ্যৰ বুজ ল'লে ড: সমুজ্জল কুমাৰ ভট্টাচাৰ্যই 

assu

জামুগুৰিহাটৰ পৰা চন্দন শৰ্মা

সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জল কুমাৰ ভট্টাচাৰ্যই যোৱা সোমবাৰে শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিৎ নাথৰ স্বাস্থ্যৰ বুজ লয়।১৫ জুলাইৰ নিশা ১০ বজাত উত্তৰ জামুগুৰিৰ বামুণবাৰীস্থিত নাথৰ বাসগৃহত ছাত্ৰ সন্থাৰ উপদেষ্টাগৰাকীৰ লগতে কেন্দ্ৰীয় কমিটীৰ আন কেইবাজনো বিষয়ববীয়া উপস্থিত হৈ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা অভিজিৎ নাথৰ আশু আৰোগ্য কামনা কৰে।
সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিৎ নাথ আৰু জিলা কাৰ্যনিৰ্বাহক সদস্য দীপাংকৰ শইকীয়া ১৯ মে'ত এক পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হ'ব লগা হৈছিল।নাথ সোঁভৰিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল।ইতিমধ্যে দুটাকৈ অস্ত্ৰোপচাৰ সম্পন্ন কৰা হৈছে যদিও বৰ্তমানলৈকে সম্পূৰ্ণ সুস্থ হৈ উঠা নাই জিলা ছাত্ৰ সন্থাৰ সভাপতিগৰাকী ।

Your Comments