নলবাৰীৰ পৰা হেমন্ত কলিতা
নলবাৰী জিলাত বহু আশ্ৰয় শিবিৰত ভোকে-পিয়াহে দিন পাৰ কৰিছে বানাক্ৰান্তই। উপায়বিহীন হৈ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মৰ সম্মুখতে ক্ষোভ উজাৰিলে একাংশ বানাক্ৰান্ত দুৰ্ভগীয়া ৰাইজে ৷ বিশেষকৈ পাগলাদিয়া ,মৰা পাগলাদিয়া, বুঢ়াদিয়া , কানাইখুন্দা , বৰলীয়া আৰু ব্ৰহ্মপুত্ৰ নৈৰ বাঢ়নী পানীয়ে জিলাখনৰ ১৬০ খন গাঁৱৰ ৰাইজক নৰক যন্ত্ৰনা ভোগাই অহাৰ পিছত বানাক্ৰান্তসকলক পৰ্যাপ্ত বান সাহায্য প্ৰদানত চৰকাৰ - প্ৰশাসন ব্যৰ্থ হোৱাৰ সময়তে নলবাৰী জিলাৰ গোবৰাদলৰ এটি আশ্ৰয় শিবিৰত থকা বানাক্ৰান্তৰ বুধবাৰে খবৰ লয় মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই ।
মন্ত্ৰীগৰাকীয়ে আশ্ৰয় শিবিৰটোত উপস্থিত হোৱাৰ লগে লগে বানাক্ৰান্ত একাংশ লোক মন্ত্ৰীগৰাকীৰ সম্মুখত বান সাহায্য নোপোৱাৰ অভিযোগ উত্থাপন কৰে । ইফালে,১৮ কোটি টকা ব্যয় সাপেক্ষে গোবৰাদলত মথাউৰি মেৰামতি কৰা হৈছিল যদিও বৰ্তমানলৈ মেৰামতিৰ কাম সম্পূৰ্ণ নোহোৱাৰ বাবেই ৰাইজে দুৰ্ভোগ ভুগিব লগীয়া হৈছে বুলি কৈ মন্ত্ৰীগৰাকীৰ আগত ক্ষোভ উজাৰা পৰিলক্ষিত হয।
- Log in to post comments
- 5 views