বজালীৰ পৰা বুবু কলিতাৰ প্রতিবেদন :
অসমৰ বহু অঞ্চল বানপানীয়ে বুৰাই ৰখাৰ সময়তে বাক্সা জিলাৰ শালবাৰী মহকুমাৰ পাটলাৰ পৰা কুৰিবিললৈ যোৱা পথটোৰ ডাঙৰ কালভাৰ এটাৰ কিছু অংশ খহি যোৱাৰ লগতে কিছু হালি পৰা পৰিলক্ষিত হয়।
উল্লেখ্য যে এই কালভাৰটো বনাবলৈ বেছি দিন হোৱাই নাছিল যদিও এতিয়া এনেকৈ হাউলি পৰাত সাধাৰণ ৰাইজে নিজেই কিছু মেৰামতি কৰি বিপদ সংকুল ভাবেই এতিয়া অহা যোৱা কৰিবলৈ বাধ্য হৈছে। ৰাইজে তাৎক্ষণিক ভাৱে খহি যোৱা অংশ মেৰামতি কৰি পথটো যাতায়তৰ সুচল কৰি দিবলৈ এতিয়া বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী উত্থাপন কৰিছে।
- Log in to post comments
- 22 views