জটিল ৰোগত আক্ৰান্ত দেৱস্থানৰ আব্দুল নুৰঃ চিকিৎসাৰ সহায় আহ্বান দৰিদ্ৰ পৰিয়ালৰ 

dabaka

ডবকাৰ পৰা জমিৰ উদ্দিন তালুকদাৰ :

হোজাই জিলাৰ দক্ষিণ দেৱস্থানৰ দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া এজন ব্যক্তিৰ দুৰ্বিসহ জীৱন যন্ত্ৰণাই সচেতন মহলৰ বেদনাহত কৰি তুলিছে। জানিব পৰা মতে, দক্ষিণ দেৱস্থান অঞ্চলৰ আব্দুল নুৰ নামৰ ব্যক্তিজন বিগত কেইবাটাও বছৰ ধৰি এক জটিল ৰোগত আক্রান্ত হৈ শয্যাগত হৈ আছে ৷ সাতজনীয়া পৰিয়ালটোৰ তেঁৱেই একমাত্ৰ উপাৰ্জনকাৰী। ফলত আজি পৰিয়ালটো একপ্ৰকাৰ দিশহাৰা হৈ পৰিছে ৷ পৰিয়ালটোৱে চিকিৎসাৰ নামত নিজ সামৰ্থ অনুসৰি যিমান পাৰে চেষ্টা কৰিছে যদিও দৰিদ্ৰতাৰ বাবে আব্দুল নুৰৰ চিকিৎসা বন্ধ কৰি দিবলগা হৈছে ৷ চৰকাৰে বিভিন্ন সময়ত দৰিদ্ৰ ৰাইজৰ চিকিৎসা সেৱাৰ নামত কেৱাটাও আঁচনি আৰম্ভ কৰিছে যদিও এই আঁচনিবোৰে অসহায় পৰিয়ালটোক ঢুকি পোৱা নাই।

ইফালে,স্থানীয় বিধায়ক আব্দুৰ ৰহিম আজমলক আৰ্থিক সাহায্য বিচাৰি কেইবাবাৰো পৰিয়ালটোৱে আবেদন কৰিছিল, যদিও কানসাৰ নিদিয়া বুলি বিধায়কজনৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে ৷ বিধায়কজনে বিষয়টোক গুৰুত্ব নিদিয়াত সচেতন ৰাইজে বিষয়টো সহজভাৱে ল'ব পৰা নাই ৷ আনহাতে অঞ্চলটোত থকা বিভিন্ন বেচৰকাৰী সংস্থা বা দল- সংগঠনে পৰিয়ালটোক সহায়ৰ বাবে আগবাঢ়ি নহাত পৰিয়ালটোৱে নিৰুপায় হৈ অসমবাসীৰ ওচৰত সহায় বিচাৰি প্ৰচাৰ মাধ্যমৰ জৰিয়তে কাতৰ আহব্বান জনাইছে ৷ কোনো সদাশয় ব্যক্তিয়ে পৰিয়ালটোৰ মূল ব্যক্তিজনক চিকিৎসাৰ বাবে যদি সহায় কৰিব বিচাৰে তেনেহ'লে +9160013 31578 নম্বৰত যোগাযোগ কৰাৰ লগতে তেওঁৰ পত্নীৰ একাউণ্ট নম্বৰঃ 7243027000004 অসম গ্ৰামীণ বিকাশ বেংক, দক্ষিণ দেৱস্থান শাখাত সাহায্য পঠিয়াব পাৰিব বুলি পৰিয়ালটোৱে জানিবলৈ দিয়ে ৷

Your Comments