ধীৰজ উপাধ্যায়ৰ প্ৰতিবেদন :
বাক্সা জিলাৰ সদৰ মুছলপুৰত মঙলবাৰে সন্ধিয়া দুৰ্বৃত্তৰ আক্ৰমনত দুজন ব্যৱসায়ী আহত হোৱাৰ লগতে ব্যৱসায়ী দুজনৰ পৰা দুৰ্বৃত্তই লক্ষাধিক টকা কাঢ়ি লৈ যায়৷প্ৰাপ্ত তথ্য মতে মঙলবাৰে আবেলি নিকাছিৰ দুই তামোল ব্যৱসায়ী ধনপ্ৰসাদ ঢুংগেল আৰু বিলাস বৰালে মুছলপুৰস্থিত ষ্টেট বেংকৰ পৰা টকা উলিয়াই নিজৰ লাগতিয়াল কাম কৰি মটৰ চাইকেলেৰে সন্ধিয়া নিকাছিৰ নিজ ঘৰলৈ গৈ আছিল ৷ কিন্তু নাৰায়ণপুৰত ৰাজপথতে দুখন মটৰচাইকেলত যোৱা চাৰিজনীয়া এটা দুৰ্বৃত্তৰ দলে পিছফালৰ পৰা গৈ বাট আগছি ধৰি ব্যৱসায়ী দুজনক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে ৷ দুৰ্বৃত্তৰ আক্ৰমনত দুই ব্যৱসায়ী ৰাজপথতে বাগৰি পৰাত পুনৰ আক্ৰমণ কৰে আৰু তেনে অৱস্থাত তেওঁলোকৰ লগত থকা নগদ লক্ষাধিক টকাৰ লগতে বেংকৰ অন্যান্য কাগজপত্ৰ লৈ দুৰ্বৃত্তকেইটা মুছলপুৰৰ পিনে গুছি আহে ৷
পিছত স্থানীয় লোকে ঘটনাস্থলীত উপস্থিত হৈ আহত ব্যৱসায়ী দুজনক উদ্ধাৰ কৰি নিকাছিলৈ লৈ যায় ৷ কিন্তু আহতৰ অৱস্থা গুৰুতৰ হোৱাত দুয়োকে নিকাছি ৰাাজ্যিক চিকিৎসালয়ৰ পৰা পুনৰ উন্নত চিকিৎসাৰ বাবে নলবাৰীলৈ লৈ যায় ৷ ৰাজপথতে হোৱা এই আক্ৰমণক লৈ এতিয়া অঞ্চলটোত আতংকৰ সৃষ্টি হৈছে ৷
- Log in to post comments
- 23 views