মৰিগাঁৱৰ পৰা জিতুমণি নাথ
অসমৰ সামগ্ৰিক উন্নয়ন আৰু বিকাশ তথা নিজৰ মাতৃভূমিৰ বাবে বৰঙণি আগবঢ়োৱাৰ উদ্দেশ্যে গঠিত দিল্লীত অধ্যয়নত অসমৰ প্ৰাক্তন তথা বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতিষ্ঠান দিল্লী এলুমনি এছ’চিয়েচন অৱ আচামে আজি মৰিগাঁৱত বন্যাৰ্তৰ মাজত বান সাহায্য বিতৰণ কৰে। এই উপলক্ষে মৰিগাঁও জিলা উপায়ুক্তৰ সভাকক্ষত "দাআ" প্ৰতিনিধি, জিলা প্ৰশাসন, সংবাদমাধ্যম আৰু আছুৰ প্ৰতিনিধিৰ উপস্থিতিত এক মত বিনিময় কৰা হয়। মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰা, আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা, অতিৰিক্ত উপায়ুক্ত ডা০ তহিদুৰ ৰহমান, অতিৰিক্ত আৰক্ষী অধীক্ষক সুভাষীশ বৰুৱা, মৰিগাঁও ৰাজহ চক্ৰৰ বিষয়া সংঘমিত্ৰা ভাগৱতী সহ আয়ুক্ত দেৱাহুতি ডেকা আদি কৰি জিলা প্ৰশাসনৰ বিষয়াসকলে অংশগ্ৰহণ কৰে।
অনুষ্ঠানটোত "দাআ" প্ৰতিনিধি হৈ সভাপতি তথা আই আই টিৰ বিষয়া চন্দন মহন্ত, উপ-সভাপতি ৰাজেশ দাস, এয়াৰটেল লিমিটেডৰ বিষয়া শিৱ শৰ্মা আৰু কানৈ মহাবিদ্যালয়ৰ অধ্যাপক অভিজিৎ বৰুৱা, মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ হৈ প্ৰাক্তন সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মা, সম্পাদক জিতুমনি নাথ, প্ৰাক্তন সম্পাদক অজিত শৰ্মা, গুলজাৰিলাল শৰ্মা, আছুৰ হৈ জিলা সমিতিৰ সভাপতি হিমাংশু মহন্ত আদিয়ে অংশগ্ৰহণ কৰে। ইয়াৰ পিছতেই "দাআ" প্ৰতিনিধি দলটোৱে বৰঙাবাৰী শাখা ছাত্ৰ সন্থাৰ সহযোগত মৰিগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত চৰবড়ী নিগমত বন্যাৰ্তসকলৰ মাজত টিৰপাল, চিৰা, গুড়, বিস্কুট আদি বিতৰণ কৰে।
- Log in to post comments
- 3 views