বাহাৰঘাটৰ পৰা নৰেন শৰ্মা,
কেইবাদিনো ধৰি হোৰাহোৰে বাঢ়িয়ে আছে কামৰূপ আৰু নলবাৰী জিলা সংযোগী নৈ বৰলীয়া৷ ইতিমধ্যে কেইদিনমান আগতে হোৱা বানত নৈখনে কেইবাখনো দলং উটুৱাই নি ৰাইজক আলাই অথানি কৰাৰ পিছৰে পৰা বৰ্তমানলৈ তাণ্ডৱ অব্যাহত ৰাখিছে৷ বৰ্তমানো নৈখন ফেনেফুটুকাৰে বাঢ়ি নৈপৰীয়া ৰাইজলৈ ভাবুকি কঢ়িয়াই আনিছে৷ শেহতীয়াভাবে নৈখনে পূব পাৰৰ মথাউৰিৰ চৌমুখাৰ পৰা ভৰাঁটোলালৈ কেইবাঠাইতো ভঙাৰ উপক্ৰম হোৱাৰ উপৰি পশ্চিম পাৰৰ মথাউৰিৰো কেইবাঠাইতো ভঙাৰ উপক্ৰম হৈছিল৷ কিন্তু স্থানীয় ৰাইজৰ অশেষ চেষ্টাৰ ফলত দুয়োপাৰৰ ৰাইজ সম্ভাব্য বিপদৰ পৰা ৰক্ষা পৰে৷ উল্লেখ্য যে পূব পাৰৰ মথাউৰিৰ চৌমুখাত মথাউৰিৰ উপৰেৰে পানী বাগৰাৰ উপৰি পূৰ্নদৈচপৰা(লহকৰপাৰা)ত তিনিঠাইত, দৈচপৰাত দুঠাইত আৰু ভৰাঁলটোলাত এঠাইত ভঙাৰ উপক্ৰম হৈছে৷ ইয়াৰ ভিতৰত লহকৰপাৰাৰ বৰদৌল আৰু দৈচপৰাত বাতৰি লিখাপৰলৈকে সংকটজনক অৱস্থাত আছে৷
স্থানীয় বিধায়ক অশোক শৰ্মা আৰু নলবাৰী জিলাৰ উপায়ুক্ত ভাৰত ভূষন দেৱ চৌধুৰীক অবগত কৰাৰ পিচতে বৰভাগ ৰাজহচক্ৰৰ চক্ৰবিষয়া চন্দনা বৰুৱাই পৰিস্থিতিৰ বুজ লয়৷ ইয়াৰ পিচতে জলসম্পদ বিভাগৰ কাৰ্য্যবাহী অভিযন্তা প্ৰতুল পাটোৱাৰী, কনিষ্ঠ অভিযন্তা গোপাল শৰ্মাই ক্ষতিগ্ৰস্ত ঠাই পৰ্যবেক্ষণ কৰি মেৰামতিৰ তদাৰক কৰে৷ আনহাতে অঞ্চলটোৰ পশ্চিম বড়িগোগ মৌজাৰ অন্তৰ্গত কেইবাখনো গাৱঁৰ খেতিপথাৰ আৰু বাট-পথ আদি পুঠিমাৰী নৈৰ কামৰূপ জিলাৰ আঠগাঁৱত ভঙা মথাউৰিৰ পানীয়ে বুৰাই পেলায়৷ ইয়াৰোপৰি নৈখনৰ পশ্চিম পাৰৰ গাওঁসমূহত আজিও বানৰ প্ৰকোপ অপৰিবৰ্তিত আছে৷
- Log in to post comments
- 46 views