দক্ষিণ কামৰূপৰ পৰা নীহাৰিকা তালুকদাৰ
ছয়গাঁৱৰ মাজমজিয়াৰে বৈ যোৱা কলহী নৈত অব্যাহত আছে ব্যাপক গৰাখহনীয়া৷ বিগত প্ৰায় ৬/৭ বছৰ ধৰি গড়কাপ্তানি বিভাগৰ পৰিদৰ্শন বাংলা এলেকাত অব্যাহত আছে এই খহনীয়া৷ ইতিমধ্যে এই খহনীয়াত দুটা পৰিয়ালৰ ভেটি মাটি সম্পূৰ্ণ জাহ গৈছে কলহী নৈৰ বুকুত৷ এইবেলিও অব্যাহত থকা গৰাখহনীয়াত পৰিদৰ্শন বাংলাৰ ওচৰত বসবাস কৰা ৰাজা আলী নামৰ লোকজনৰ গোহালী ঘৰটো নৈৰ বুকুত জাহ যায়৷ ইয়াৰ উপৰি ৰাজা আলীৰ লগতে কেইবাটাও পৰিয়ালৰ প্ৰায় ৬/৭ ফুট মান ভেটিৰ মাটি নৈৰ বুকুত জাহ যায়৷ জানিব পৰা মতে ইতিমধ্যে বিগত কেইবছৰত ছয়গাঁও গড়কাপ্তানি বাংলা এলেকা তথা পাৰ্শ্ব্ৱ্তী এলেকাত চলি থকা গৰাখহনীয়াত দুটা পৰিয়ালৰ ঘৰ মাটি নৈৰ বুকুত জাহ যোৱাৰ লগতে প্ৰায় ৫০০ মিটাৰ এলেকাৰ প্ৰায় ২০ ফুট ভূমি নৈৰ বুকুত জাহ যায়৷
উক্ত অঞ্চলত চলি থকা গৰাখহনীয়াই পৰিদৰ্শন বাংলাৰ লগতে তাত থকা চৰকাৰী আৱাসৰ পৰিয়ালৰ লগতে ওচৰতে বাস কৰা অন্য কেইবাটাও পৰিয়াললৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে৷ অৱশ্যে তিনিবছৰ পূৰ্বে ১৭ নং ঘাই পথৰ ওপৰত থকা দলঙৰ কাষৰ পৰা পৰিদৰ্শন বাংলাৰ কাষলৈ ১০০ মিটাৰ অংশত জিও বেগ টেকনোল’জিৰে গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰা হৈছে যদিও বাকী খহনীয়া অব্যাহত থকা প্ৰায় ৪০০ মিটাৰ এলেকাত এতিয়ালৈকে প্ৰতিৰোধৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাত অঞ্চলটোত এতিয়াও খহনীয়া অব্যাহত আছে৷ যাৰ ফলত এতিয়া পৰিদৰ্শন বাংলাৰ উত্তৰ দিশে চৰকাৰী আৱাসগৃহত থকা লোক সকলৰ লগতে ওচৰতে বসবাস কৰা অন্য পৰিয়াল সকললৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে৷ মাত্ৰ বিগত কেইটামান দিনত এচপৰা এচপৰাকৈ প্ৰায় ৩০০ মিটাৰ এলেকাৰ ৫/৬ ফুট মাটি নৈৰ বুকুত জাহ যায়৷ ইফালে পৰিদৰ্শন বাংলাৰ ওচৰত বসবাস কৰা অন্য পৰিয়ালবোৰে অভিযোগ কৰা মতে অঞ্চলটোৰ গৰাখহনীয়াৰ কৱলত পৰা প্ৰায় ৫০০ মিটাৰ এলেকাৰ ১০০ মিটাৰ এলেকাত প্ৰতিৰোধৰ ব্যৱস্থা কৰিয়েই ৰাজ্যৰ জলসম্পদ বিভাগে দায়িত্ব সামৰিছে৷ দায়িত্ব সামৰিছে ছয়গাঁও উন্নয়ন খণ্ডই৷ কেৱল বাৰিষাৰ সময়ত উক্ত অঞ্চলৰ গৰাখহনীয়া পৰিদৰ্শন কৰিবলৈ অহা উন্নয়ন খণ্ডৰ বিষয়া বা জলসম্পদ বিভাগৰ বিষয়াই অতিশীঘ্ৰে উক্ত অঞ্চলত খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰা হ’ব বুলি আশ্বাস দিয়াৰ বাহিৰে আজিলৈকে খহনীয়া প্ৰতিৰোধৰ নামত এটি ব’ল্ডাৰো নপৰিল৷
ইফালে পৰিদৰ্শন বাংলাৰ ভিতৰৰে উত্তৰ ফালে থকা অন্য পৰিয়ালবোৰে আহ যাহ কৰা পথটোও খহনীয়াত প্ৰায় সংকুচিত হৈ আহিছে৷ সেয়েহে অতিশীঘ্ৰে উক্ত অঞ্চলত গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰি কলহীৰ বুকুত বিলীন হোৱা তথা নিশ্চিত বিপদৰ পৰা অঞ্চলবাসীক ৰক্ষা কৰাৰ বাবে স্থানীয় লোক সকলি চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছে৷ আনহাতে ছয়গাঁৱৰ পটৰীখাটতো ইতিমধ্যে গৰাখহনীয়া প্ৰতিৰোধ কৰা অংশত পুনৰ গৰাখহনীয়া আৰম্ভ হৈছে৷ ইতিমধ্যে প্ৰায় ১০ মিটাৰ অংশ নৈৰ বুকুত জাহ যোৱাৰ লগতে ঠায়ে ঠায়ে ফাট মেলাৰ ফলত উক্ত অঞ্চল সমূহো পানী শুকালেই নৈৰ বুকুত জাহ যোৱাৰ আশংকা কৰা হৈছে৷
- Log in to post comments
- 14 views