নৃত্যাচাৰ্য,পদ্মশ্ৰী যতীন গোস্বামীক অকাডেমি ৰত্নৰ বাবে নিৰ্বাচিত কৰাত উৎফুল্লিত ৰাজ্যৰ  সংস্কৃতিপ্ৰেমী

jatin goswami

নিউজ ডেস্ক:
সংগীত নাটক অকাডেমিৰ সৰ্বোচ্চ সন্মান অকাডেমি ৰত্নৰ বাবে নৃত্যাচাৰ্য,পদ্মশ্ৰী যতীন গোস্বামীক নিৰ্বাচিত কৰাত ৰাজ্যৰ সংস্কৃতিপ্ৰেমী ৰাইজ উৎফুল্লিত হৈছে।২০১৮ বৰ্ষৰ অকাডেমি ৰত্নৰ বাবে নিৰ্বাচিত নৃত্যাচাৰ্য গোস্বামীয়ে ১৯৩৩ চনত দেৰগাঁৱৰ আধাৰ সত্ৰত জন্মগ্ৰহণ কৰিছিল আৰু এতিয়াও তেওঁ সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ প্ৰদানত ব্যস্ত।

যুৱপ্ৰজন্মৰ শিল্পীক সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ প্ৰদানত বৰ্তমান নিজকে সমৰ্পিত কৰি ৰখা নৃত্যাচাৰ্যগৰাকীক ২০০৪ চনত সংগীত নাটক অকাডেমি বঁটা প্ৰদান কৰা হৈছিল।ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে পদ্মশ্ৰী যতীন গোস্বামীক এটা বিশেষ অনুষ্ঠানত অকেডেমি ৰত্ন সন্মান প্ৰদান কৰিব।

Your Comments