মৰণফান্দলৈ পৰিণত বেবেজীয়া-ঘাঁহী গড়কাপ্তানী পথ

bebejia

নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মা :

 নগাঁও জিলাৰ বেবেজীয়া অঞ্চলৰ এটা পথৰ 'চাইড বাম'ৰ বাবে কান্দিবলগীয়া হৈছে কুৰিখনকৈ গাঁৱৰ পথচাৰীয়ে। অঞ্চলবাসীৰ বাবে যাতায়াতৰ ক্ষেত্ৰত মূৰৰ কামোৰণি হৈ পৰা এই গড়কাপ্তানী পথটো হৈছে বেবেজীয়া-ঘাঁহী সংযোগী পথ । অসম ৰাজ্যিক পথ প্ৰকল্পৰ অধীনত ২০১৩ বৰ্ষতে এই পথটোক উন্নীতকৰণ কৰা হৈছিল যদিও পথটোৰ চাইড বামৰ উন্নীতকৰণ হোৱা নাছিল । কেবল মাটি পেলায়েই দায়িত্ব সামৰিছিল ঠিকাদাৰী প্ৰতিষ্ঠানে । যাৰ পৰিণতি এতিয়া ভোগ কৰিবলগীয়া হৈছে বেবেজীয়া,মাহৰিআটী, ঘাঁহী, জাগীয়াল , দক্ষিণপাট , বৰজহা , ম'হমৰীয়া , কৃষ্ণাইখাট , বিহুচোৱাবৰ , ৰঙাচিলা , হাতীগড় , বালিগাঁও , বৰক'লা আদিকে ধৰি কুৰিখনৰো অধিক গাঁৱৰ ৰাইজে । 

পথটোৰ চাইড বাম উন্নীতকৰণ নকৰাৰ ফলত এতিয়া সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ । বাৰিষা সেই গাঁতসমূহ হৈ পৰিছে কদৰ্যময় । যাৰফলত এতিয়া মৰণত শৰণ দি অহা-যোৱা কৰিবলগীয়া হৈছে পথচাৰীয়ে। কাৰণ বিপৰীত দিশৰ পৰা এখন সৰু চাৰিচকীয়া বাহন আহিলেই ৰৈ যাবলগীয়া হয় দুচকীয়া বাহনৰ আৰোহীও । বেবেজীয়াৰ পৰা দক্ষিণপাটলৈকে সাত কিল'মিটাৰ দৈৰ্ঘ্যৰ পথটোৰ বিশেষকৈ বেবেজীয়া ৰে'ল ক্ৰছিঙৰ পৰা ঘাঁহীলৈকে এই অংশটোৰ চাইড বাম সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে।এই অংশছোৱাত ইতিপূৰ্বে সংঘটিত হৈছে বহুকেইটা পথ দুৰ্ঘটনা । 

কেইবাখনো উচ্চ শিক্ষানুষ্ঠানখন , ঐতিহাসিক কীৰ্তিচিহ্ন , ৰে'ল ষ্টেচন , ৰাষ্ট্ৰীয় ঘাইপথ আৰু বিভিন্ন চৰকাৰী কাৰ্যালয় সংযোগী এই পথটোৰ এনে অৱস্থাই এতিয়া জ্বলা-কলা খুৱাইছে অঞ্চলবাসীক । কিন্তু পথটোৰ এনে শোচনীয় ৰূপেও গা লৰাব পৰা নাই গড়কাপ্তানী বিভাগৰ।এতিয়া স্থানীয় ৰাইজে মৰণফান্দলৈ পৰ্যবসিত হোৱা পথটোৰ চাইড বামৰ উন্নীতকৰণৰ বাবে নগাঁও সদৰ সমষ্টিৰ বিধায়কগৰাকীৰ হস্তক্ষেপলৈ আশাৰে বাট চাই ৰৈছে ।

Your Comments