বৰভাগ,বাহাৰঘাটত অসহায় বানাক্ৰান্ত:ছাত্ৰ সন্থা-সাংবাদিকৰ দলে বুজ ল'লে দুৰ্গত ৰাইজৰ অৱস্থাৰ

baharghat

বাহাৰঘাটৰ পৰা নৰেন শৰ্মা :

 চৌদিশে কেৱল পানী ৷ সাগৰসদৃশ পানীৰ মাজত আৱদ্ধ কেইবাখনো গাওঁৰ লোক ৷ মৃত্যু হৈছে পশুধনৰ ৷ মীন পালনেৰে জীৱিকা নিৰ্বাহ কৰা বহুকেইগৰাকী লোকে এতিয়া মূৰে-কঁপালে হাত দিছে ৷ গাহৰি পালকসকলো ভুগিছে দু:শ্চিন্তাত ৷  নাই খাদ্য, নাই পশুধন ৰখাৰ ব্যৱস্থা ৷ ইতিমধ্যে মৃত্যু হৈছে বহুকেইটা  পশুধনৰ ।পানীমেটেকাৰ দ'ম সাজি ৰাখিবলৈ চেষ্টা কৰিছে  প্ৰতিটো পৰিয়ালৰ পশুধনবোৰক৷প্ৰতিঘৰ লোক এতিয়া জলবন্দী ৷ গৃহত থাকিও বিনিদ্ৰ ৰজনী কটাবলগা হৈছে সকলো লোক ৷ প্ৰতিটো মূল পথতে পানীৰে উপচি পৰাত আশ্ৰয় গ্ৰহণ কৰিব পৰা নাই ৰাষ্টাত ৷ প্ৰশাসনেও স্থাপন কৰা নাই বানাক্ৰান্তৰ বাবে আশ্ৰয় শিবিৰ ৷ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত কেইখনমান গাঁৱৰ ৰাইজে সামান্য পশুখাদ্য পোৱাৰ বাদে দুৰ্গত ৰাইজে আজিও পোৱা নাই চৰকাৰী সাহায্য ৷ মূল পথসমূহৰে যোগাযোগ বিচ্ছিন্ন হোৱাত খাদ্য সংকটে দেখা দিছে বিভিন্ন পৰিয়ালত ৷ বৰ্তমান এয়াই  প্ৰতিচ্ছবি প্ৰতিফলিত হৈছে নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত বহুকেইখন গাঁৱত ৷ 


পাগলাদিয়াৰ দুসুঁতি মুখেৰে ওলাই অহা পানীয়ে বানৰ তাণ্ডৱ সৃষ্টি কৰা সমগ্ৰ এলেকাটোৰ,দেহাৰকুছি,কিচমৎ,লৰমা বটাকুছি, বৰশিমলুৱা, বৰগাছা, বৰবূকীয়া, আৰংগমৌ, সঠা, উত্তৰকুছি, সানেকুছি, আঠঘৰীয়া, নখেতি, ৰাইমাধা, চমাৰকুছি, পাণ্ডুলা, কটালকুছি, চতমা আদি গাওঁসমূহৰ লোকে আজিও অসহায় অৱস্থাৰ মাজত দিন কটাবলগীয়াত পৰিছে। প্ৰশাসনৰ বাবেও যেন এই সাধাৰণ কৃষিজীৱি লোকসকলৰ ক্ষেত্ৰত নাই কৰনীয় ৷ তাকেই প্ৰতীয়মান হ'ল আজি ছাত্ৰসন্থাৰ নেতৃত্বত বৰভাগ প্ৰেছ ক্লাবৰ একাংশ সাংবাদিকে দুৰ্গত ৰাইজৰ পৰিস্থিতিৰ বুজ লবলৈ যাওঁতে ৷

 সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক সমৰজ্যোতি মহন্ত, বৰভাগ আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নয়নজ্যোতি কলিতা, উপ-সভাপতি মানসজ্যোতি ডেকা, শিক্ষা সম্পাদক ৰাজু কলিতা, কাৰ্যনিৰ্বাহক প্ৰাণজিৎ দাসসহ বৰভাগ প্ৰেছ ক্লাবৰ পত্ৰিকা সম্পাদক দণ্ডীৰাম দাস,উপ-সভাপতি  আব্দুল কাদেৰ আহমেদ ,নৰেন শৰ্মা, সাধাৰণ সম্পাদক  হিমজ্যোতি ভূঞা আদিয়ে যৌথভাৱে অঞ্চলটোৰ বানপীড়িত গাওঁসমূহ পৰিদৰ্শন কালত  ৰাইজে বিগত দিনকেইটাত ভুগি থকা সমস্যাৰ বিষয়ে দলটোৰ আগত নিজমুখে বৰ্ণনা কৰে তেওঁলোকৰ অবৰ্ণনীয় পৰিৱেশ সম্পৰ্কে ৷ এখন নাওৰ জৰিয়তে আছু আৰু সাংবাদিকৰ দলটোৱে উক্ত গাওঁকেইখন পৰিভ্ৰমণ কালত পৰিলক্ষিত হ'ল  ঘৰৰ ভিতৰত উপচি থকা পানীৰ মাজত প্ৰতিগৰাকী লোকৰ কষ্টকৰ জীৱন ৷

 বানাক্ৰান্ত ৰাইজৰ মাজত কিছু খাদ্যসামগ্ৰী যোগান ধৰিব বুলি বৰভাগ ৰাজহ চক্ৰৰ  বিষয়াগৰাকীয়ে আছু আৰু সাংবাদিকৰ দলটোক জানিবলৈ দিছে।আনহাতে,পৰ্যাপ্ত খাদ্য সামগ্ৰী যোগান নধৰা  তথা পশুধনৰ ক্ষেত্ৰত এতিয়ালৈ কোনো ব্যৱস্থা গ্ৰহণ  নকৰা আৰু আশ্ৰয় শিবিৰ স্থাপন কৰিবলৈ  তৎপৰ নোহোৱা প্ৰশাসনৰ প্ৰতি তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ ইতিমধ্যে বতৰ ফৰকাল হোৱা স্বত্বেও আজিও  পানী বাগৰি আছে মূল পথসমূহৰ ওপৰেৰে ৷ জনজীৱন ব্যাহত হোৱাৰ লগতে বিধ্বস্ত হৈছে যাতায়াত ব্যৱস্থা৷বহুকেইখন গাঁৱৰ শিক্ষানুষ্ঠান, অংগনবাদী কেন্দ্ৰ সম্প্ৰতি পানীৰ তলত আছে ৷

Your Comments