হৰিশিঙা নদী পাৰ হ'বলৈ গৈ উটিল দুই ছাত্ৰ 

udalguri

ওদালগুৰিৰ প্রতিবেদক :

ওদালগুৰি জিলাৰ হৰিশিঙা থানাৰ অন্তৰ্গত কাহিবাৰীত মঙলবাৰে সংঘটিত হ'ল এক শোকাবহ ঘটনা ।কাহিবাৰীত থকা ভোল্লা নদী পাৰ হ'ৱলৈ যাওতে নদীৰ সোঁতে উটুৱাই নিয়ে দুজন ছাত্রক।
উটি যোৱা ছাত্ৰ দুজন হ'ল হৰিশিঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰথম বৰ্ষৰ ছাত্ৰ ক্লেনিজ বসুমতাৰী (১৯) আৰু ডাইমণ্ড ইংলিছ স্কুলৰ নৱম মানৰ ছাত্ৰ ফুংখা বসুমতাৰী (১৪) বুলি জানিব লাগে।
মঙলবাৰে আবেলি ১.৩০ মান বজাত ছাত্ৰ দুজনে আন কেইজনমান বন্ধুৰ সৈতে নদীখন পাৰ হ'ব যাওতে উক্ত   ঘটনাটো সংঘটিত হয় বুলি জানিব পৰা গৈছে। পিছত ঘটনা সন্দৰ্ভত হৰিশিঙা আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হল যদিও উপস্থিত হোৱা দেখা নগল কোনো উদ্ধাৰকাৰী বাহিনীক। অৱশ্যে বুধবাৰে এন ডি আৰ এফ অথবা এচ ডি আৰ এফৰ দল হৰিশিঙাত উপস্থিত হৈ উদ্ধাৰ অভিযান চলাব বুলি জানিব দিছে।

Your Comments