সোণাৰিৰ পৰা ঘন বৰা :
অৰুণাচল প্ৰদেশৰ পশ্চিম খুনচা বিধানসভা সমষ্টিৰ বিধায়ক তিৰং আব'ৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে সেনা।দেওবাৰে সেনাবাহিনীৰ এক অভিযানত গ্ৰেপ্তাৰ হোৱা এনএছচিএন (আইএম)ৰ সদস্য আন্নক ৱাংচু বিধায়কসহ এঘাৰজনকৈ লোকক গুলীয়াই হত্যা কৰা লগত জড়িত আছিল বুলি সদৰী কৰে সেনাবাহিনীয়ে।উল্লেখ্য যে চৰাইদেউ জিলাৰ অসম -নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত ক্ৰমাৎ তীব্ৰতৰ হৈছে উগ্ৰপন্থী বিৰোধী অভিযান। অলপতে চৰাইদেউ জিলাৰ টিঙালিবামত অস্ত্ৰ-শস্ত্ৰসহ দুজন নগা যুৱকক আটক কৰাৰ পাছত সোমবাৰে পুনৰ আটক হ'ল নগা উগ্ৰপন্থী সংগঠন এনএছচিএন(আই এম)ৰ এজন চাৰ্জেণ্ট মেজৰ।
সেনাবাহিনীৰ তৰফৰ পৰা জানিবলৈ দিয়া মতে আটকাধীন এনএছচিএন সদস্যজন অৰুণাচল প্ৰদেশৰ পশ্চিম খুনচা বিধানসভা সমষ্টিৰ বিধায়কসহ এঘাৰজন লোকক গুলীয়াই হত্যা কৰা ঘটনাৰ লগত জড়িত।মাইবেলাস্থিত সেনা শিবিৰত আয়োজন কৰা এক সংবাদমেলত এই কথা জানিবলৈ দি সেনাৰ এক অভিযানত চৰাইদেউৰ অসম- নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলৰ পৰা বৃহৎসংখ্যক অস্ত্ৰ -শস্ত্ৰসহ আটক এনএছ চিএনৰ সদস্যজনক আটক কৰে। আটকাধীন এনএছ চিএন সদস্যজনৰ পৰা এটা একে-৫৬ ৰাইফল, দুটা বিদেশত নিৰ্মিত নাইন এম এম পিষ্টল, এটা হেণ্ড গ্ৰেণেড, এটা আই ই ডি,৯৮জাঁই এ কে ৫৬ৰ সক্ৰিয় গুলী,৫৩ জাঁই নাইন এম এম ৰ সক্ৰিয় গুলী,৬টা কাৰ্টিজ, ১১টা ডিট'নেটৰ, বৃহৎ সংখ্যক আৰডিএক্স, নগদ ৫ লাখ ৩৬ হাজাৰ টকা, পান কাৰ্ড, এটিএম কাৰ্ড, কৰ সংগ্ৰহ কৰা বহী, চাৰিটা মোবাইল ফোনসহ এখন স্ক'ৰপিঅ' আৰু নাম্বাৰ প্লেটবিহীন জিপছি গাড়ীৰ লগতে বহু আপত্তিজনক নথিপত্ৰ উদ্ধাৰ কৰিছে।
চলিত বৰ্ষৰ ২১ মে'ত অৰুণাচল প্ৰদেশৰ ইটানগৰৰ পৰা ডিব্ৰুগড় হৈ খুনচালৈ গৈ থকা অৱস্থাত টিৰাপ জিলাৰ বগাপানী গাঁৱৰ এটা দুৰ্গম অঞ্চলত অৰুণাচল প্ৰদেশৰ পশ্চিম খুনচা বিধানসভা সমষ্টিৰ নেশ্যনেল পিপলছ পাৰ্টিৰ বিধায়ক তিৰং আব'ৰ লগতে এঘাৰ গৰাকী লোকক গুলীয়াই হত্যা কৰিছিল এনএছচিএন(আই এম)ৰ সদস্যই। ইয়াৰ পৰৱৰ্তী সময়ত সেনাবাহিনীয়ে বিভিন্ন স্থানত তালাচী চলাইছিল যদিও কিন্তু অভিযুক্তক আটক কৰিবলৈ সক্ষম হোৱা নাছিল।
- Log in to post comments
- 16 views