সোণাৰিত আছুৰ অৱস্থান ধৰ্মঘট 

sonari

সোণাৰিৰ পৰা ঘন বৰা

চৰাইদেউ জিলাৰ আন্তঃগাঁথনি উন্নয়নৰ দাবীত 'আছু'ৱে সোণাৰিত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।সোণাৰি বৰপুখুৰী পাৰত চৰাইদেউ মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত অৱস্থান ধৰ্মঘটৰ জৰিয়তে জিলাখনৰ বিভিন্ন উন্নয়নমূলক কাম স্থবিৰ হোৱাৰ লগতে ২০১৫ চনতে ঘোষিত চৰাইদেউ জিলাই পূৰ্ণাংগ ৰূপ আজিকোপতি নোপোৱাৰ অভিযোগ উত্থাপিত কৰে।জিলাখনৰ বিভিন্ন সমস্যাৰ সমাধান নহলে কঠোৰ আন্দোলন কৰাৰ হুংকাৰ দিয়ে 'আছু'ৱে।

Your Comments