পৱিত্ৰ গুৰু পূৰ্ণিমা উপলক্ষে উত্তৰ গুৱাহাটী পৰিৱেশ সুৰক্ষা সমিতিৰ গছপুলি ৰোপণ

tree

নিউজ ডেস্ক:

উত্তৰ গুৱাহাটী পৰিৱেশ সুৰক্ষা সমিতিৰ উদ্যোগত আৰু স্বোৱান এছ'চিয়েছনৰ সহযোগত মঙলবাৰে পৱিত্ৰ গুৰু পূৰ্ণিমা উপলক্ষে উত্তৰ গুৱাহাটীৰ শিলসাকোঁস্থিত জিএমডিএ ছুইমিং পুল চৌহদত গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ অনুষ্ঠানত উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ডঃ তাৰিণী কান্ত হালৈ, জ্যেষ্ঠ সাংবাদিক মুনীন ডেকা,  সমাজকৰ্মী কুলেন বড়ো,  ৰঞ্জন শৰ্মা, গজেন বৰা,  সাঁতোৰ প্ৰশিক্ষকদ্বয় লম্বোদৰ ডেকা আৰু প্ৰশান্ত দাসৰ লগতে স্থানীয় গণ্যমান্য ব্যক্তি উপস্থিত থাকে। সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰৰ শিক্ষাৰ্থীসকলেও কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

উত্তৰ গুৱাহাটী পৰিৱেশ সুৰক্ষা সমিতিৰ সম্পাদক মুকুটেশ্বৰ গোস্বামীয়ে অনুষ্ঠানত সহযোগিতা আগবঢ়াই সফল কৰি তোলাৰ বাবে উপস্থিত সকলোলৈ ধন্যবাদ জ্ঞাপন কৰে। লগতে উত্তৰ গুৱাহাটী অঞ্চলত পৰিৱেশ প্ৰদূষণৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰাৰ বাবে নিৰন্তৰে গছপুলি ৰোপণ আৰু সংৰক্ষণ কাৰ্যসূচী চলাই যোৱাৰ সংকল্পৰ কথা দোহাৰে। উত্তৰ গুৱাহাটী পৰিৱেশ সুৰক্ষা সমিতিয়ে ৰাজহুৱা স্থানৰ লগতে কোনো ব্যক্তিয়ে নিজা ভূমিত গছপুলি ৰোপণ কৰিবলৈ আমন্ত্ৰণ জনালে সহযোগিতা আগবঢ়াব বুলি জানিবলৈ দিছে।

Your Comments

Related Articles