মাজুলীৰ পৰা ৰাজীৱ পাতিৰ
কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে আজি মাজুলীৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে জিলাখনৰ শিবিৰসমূদত বৰ্ন্যাতৰ অৱস্থাৰ বুজ লয়। ৰাজ্যৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত আৰু ৰাজহ তথা দুৰ্যোগ ব্যৱস্থাপনা আৰু পুনৰ সংস্থাপন দপ্তৰৰ ৰাজ্যমন্ত্ৰী ভৱেশ কলিতাক লগত লৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আগবেলা ডিব্ৰগড়ৰ পৰা হেলিকপ্টাৰেৰে মাজুলীলৈ আহি প্ৰথমে আকাশমাৰ্গৰ পৰাই উজনি অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ জিলাৰ লগতে মাজুলীৰ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰে। হেলিকপ্টাৰেৰে নদীদ্বীপ জিলাখনৰ বানাক্ৰান্ত অঞ্চলসমূহৰ জলমগ্ন-বিধ্বস্ত পৰিবেশ পৰ্যবেক্ষণৰ পাছত কেন্দ্ৰীয় শ্বেখাৱট আৰু ৰাজ্যৰ দুয়োগৰাকী মন্ত্ৰীৰ হেলিকপ্টাৰ জিলা সদৰ গড়মূৰত অৱতৰণ কৰে। মন্ত্ৰীকেইগৰাকীৰ লগত একেখন হেলিকপ্টাৰতে আহে ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, ৰাজ্যৰ জলসম্পদ বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী আৰু ব্ৰহ্মপুত্ৰ বোৰ্ডৰ অধ্যক্ষ ৰাজীৱ যাদৱো। ইয়াৰ পাছতে কেন্দ্ৰ আৰু ৰাজ্যৰ তিনিওগৰাকী মন্ত্ৰীয়ে মাজুলীৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰৰ সৈতে হেলিপেডৰ পৰা পোনে পোনে আউনীআটী হাইস্কুলত জিলা প্ৰশাসনে খোলা সাহায্য শিবিৰটো পৰিদৰ্শন কৰে। শিবিৰত থকা দুৰ্গত লোকসকলক দেখা কৰি কেন্দ্ৰীয় জলশক্তি মন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ অৱস্থাৰ বুজ লয়। শিবিৰটোত মাজুলী জিলা প্ৰশাসনে শিবিৰৰ শিশুসকলৰ বাবে মুকলি কৰা 'আপাতকালীন শিশু সুৰক্ষা কেন্দ্ৰ' (চিএফ এছআইই)ও পৰিদৰ্শন কৰে। দুৰ্গতসকলক সাক্ষাতৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অসমৰ বান-দুৰ্গত লোকসকলক সহায়ৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰখনক সম্পূৰ্ণ সহায় কৰিব বুলি জানিবলৈ দিয়ে। শিবিৰটো পৰিদৰ্শনৰ অন্তত সাংবাদিকৰ আগত কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী শ্বেখাৱটে কয়, 'এই প্ৰাকৃতিক দুৰ্যোগৰ যথোচিত মোকাবিলা কৰিবলৈ অসম চৰকাৰে জৰুৰী ব্যৱস্থা লৈছে। কেন্দ্ৰ আৰু ৰাজ্যৰ দুয়োখন চৰকাৰেই যথেষ্ট সংবেদনশীলভাৱে ইতিমধ্যে বানত ক্ষতিগ্ৰস্ত লোকসকলক সকাহ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে। বান সমস্যাৰ স্থায়ী সমাধানৰ বাবে আমাৰ চৰকাৰে অত্যন্ত গম্ভীৰতাৰে কাম কৰি আছে।'
ৰাজ্যৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজি মাজুলীসহ উজনি অসমৰ একাধিক জিলাৰ বানপৰিস্থিতি আকাশমাৰ্গেৰে পৰ্যবেক্ষণৰ অন্তত সন্ধিয়া দিছপুৰত এখন উচ্চস্তৰীয় পৰ্যালোচনা বৈঠকত ভাগ ল'ব। ইয়াৰ পাছতে কেন্দ্ৰীয় মন্ত্ৰী শ্বেখাৱট আৰু ৰাজ্যৰ দুয়োগৰাকী মন্ত্ৰীৰ লগতে বিধায়ক ফুকন, জলসম্পদ বিভাগৰ প্ৰধান সচিব যোশী আৰু ব্ৰহ্মপুত্ৰ বোৰ্ডৰ অধ্যক্ষ যাদৱে গড়মূৰলৈ আহি উপায়ুক্তৰ কাৰ্যালয়ত উপায়ুক্ত মিশ্ৰৰ লগতে জিলা প্ৰশাসনৰ বিষয়া সকলৰ সৈতে এখন নাতিদীৰ্ঘ বৈঠকত মিলিত হৈ জিলাখনৰ বান পৰিস্থিতি পৰ্যালোচনা কৰে। কেন্দ্ৰীয় মন্ত্ৰী শ্বেখাৱটে মন্ত্ৰী কেশৱ মহন্ত আৰু ভৱেশ কলিতাসহ তেওঁৰ সৈতে অহা কেওগৰাকীকে লৈ লখিমপুৰৰ বানপৰিস্থিতি পৰ্যবেক্ষণৰ বাবে হেলিকপ্টাৰেৰে মাজুলীৰ পৰা উৰা মাৰে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মাজুলীৰ বান পৰিস্থিতিৰ বুজ ল'লেহি হস্ততাঁত-বস্ত্ৰ আৰু ৰেচম মন্ত্ৰী ৰঞ্জিত দত্তয়ো। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বানপৰিস্থিতিৰ বুজ ল'বলৈ সোমবাৰে নিশা মাজুলীলৈ আহে ৰাজ্যৰ হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম দপ্তৰৰ মন্ত্ৰী ৰঞ্জিত দত্ত। যোৱা নিশা উপায়ুক্ত কাৰ্যালয়ত মাজুলীৰ উপায়ুক্তসহ জিলা প্ৰশাসনৰ শীৰ্ষবিষয়া আৰু বিভাগীয় মূৰব্বী বিষয়াসকলৰ সৈতে এখন বান পৰ্যালোচনা বৈঠকত ভাগ লৈ মন্ত্ৰী দত্তই নদীদ্বীপ জিলাখনত এইবাৰৰ বানত এইপৰ্যন্ত হোৱা ক্ষয়ক্ষতিৰ লগতে প্ৰশাসনে চলোৱা বানদুৰ্গতৰ উদ্ধাৰ আৰু সাহায্য অভিযানৰ বুজ লয়। নিশাটো গড়মূৰৰ আৱৰ্ত ভৱনত বাহৰ পাতি হস্ততাঁত আৰু বস্ত্ৰ মন্ত্ৰীগৰাকীয়ে আজি পুৱা ৯.৩০ বজাত আউনিআটী হাইস্কুলৰ সাহাৰ্য শিবিৰ পৰিদৰ্শন কৰি শিবিৰাৰ্থীসকলক দেখা কৰে। ইতিমধ্যে জিলা দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণ (ডিডিএমএ)-এ ইউনিচেফ আৰু এনজিঅ' আৰভিচিৰ সহযোগত শিবিৰটোত থকা শিশুসকলৰ বিশেষ যতন ল'বলৈ মুকলি কৰা 'আপাতকালীন শিশু সুৰক্ষা কেন্দ্ৰ' (চাইল্ড ফ্ৰেইণ্ডলী স্পেচ ইন ইমাৰজেন্সী)টোও পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে বন্যাৰ্ত শিশুসকলৰ সৈতে আলাপ কৰে। মন্ত্ৰী দত্তই শিবিৰাৰ্থী শিশুসকলৰ বাবে ৰাজ্যৰ ভিতৰতে প্ৰথমবাৰলৈ এনে আপাতকালীন শিশু সুৰক্ষা কেন্দ্ৰৰ ব্যৱস্থা কৰাক লৈ সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে ইয়াৰ বাবে মাজুলী জিলা প্ৰশাসনক প্ৰশংসা কৰে।
অষ্টম দিনা মাজুলীৰ বান পৰিস্থিতিৰ উন্নতি, শিবিৰৰ পৰা গৃহাভিমুখী হৈছে বন্যাৰ্ত
এইবাৰৰ বানৰ অষ্টমটো দিনত আজি যথেষ্ট উন্নত হৈছে মাজুলীৰ সামগ্ৰিক বান পৰিস্থিতি। ব্ৰহ্মপুত্ৰৰ লগতে সোৱণশিৰিৰ জলপৃষ্ঠ বিগত দুটা দিনত ক্ৰমশঃ হ্ৰাস পাবলৈ ধৰাত জিলাখনৰ ইতিমধ্যে জলমগ্ন হোৱা কোনো কোনো অংশত পানী কিছু শুকাবলৈ ধৰিছে। তথাপি সামগ্ৰিকভাৱে আজিও বানদুৰ্গত হৈ আছে জিলাখনৰ ৯১খন ৰাজহ গাঁৱৰ ৭৮৫৬৭ গৰাকী লোক। অৱশ্যে পানী শুকাবলৈ ধৰা দেখি শিবিৰৰ পৰা লাহে লাহে পুনৰ নিজৰ গৃহলৈ উভতিছে একাংশ বন্যাৰ্ত। কালিলৈকে জিলাখনৰ ৬ টা শিবিৰত ৬১৬ গৰাকী বন্যাৰ্তই আশ্ৰয় লৈ থাকিব লগা হোৱাৰ বিপৰীতে আজিৰ দিনটোত ৪টা শিবিৰত আছে ৪৪৫ গৰাকী বানপীড়িত লোক। আজিও প্ৰশাসনৰ ফালৰ পৰা মাজুলীৰ বানাক্ৰান্ত লোকসটলৰ মাজত ৪২৭.৫ কুইণ্টল চাউল, ৭৮.৭ কুইণ্টল দাইল, ২৩.৬ কুইণ্টল নিমখ বিতৰণ কৰা হয়। তদুপৰি শিবিৰ কেইটাত থকা লোকসকলৰ বাবে আজি ৪৭ লিটাৰ মিঠাতেল, ৫২ পেকেট বিস্কুট, শিশু শিবিৰাৰ্থীৰ বাবে ৫২ পেকেট শিশুখাদ্যৰ লগতে আঁঠুৱা, মহ খেদা ক'ইল, ম'মবাতি আদি আগবঢ়ায় প্ৰশাসনে। এইপৰ্যন্ত বিগত আঠ দিনত মাজুলী জিলা প্ৰশাসনে বানপীড়িতৰ মাজত প্ৰায় ১৮৫০ কুইণ্টল চাউল, ৩৩৪ কুইণ্টল দাইল, ১০১ কুইণ্টল নিমখ আৰু শিবিৰাৰ্থীৰ বাবে ৯৯ লিটাৰ মিঠাতেল আৰু ১৭৮ পেকেট শিশুখাদ্য যোগান ধৰে।
- Log in to post comments
- 16 views