মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত বন্যাৰ্তৰ মাজত ঔষধ বিতৰণ

medicine

মৰিগাঁৱৰ পৰা জিতুমণি নাথ

ব্ৰহ্মপুত্ৰৰ বানে মৰিগাঁও জিলাত জটিল ৰূপ ধাৰণ কৰিছে। বন্যাৰ্তৰ মাজত খাদ্য, খোৱাপানীৰ সংকট সৃষ্টি হোৱাৰ লগতে জনস্বাস্থ্যৰ ক্ষেত্ৰতো প্ৰৱল ভাবুকি আহিছে। জিলাখনৰ ৪ টাকৈ ৰাজহচক্ৰ সম্প্ৰতি বানৰ কৱলত পৰিছে। জিলা প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি বৰ্তমান ৩৮৮ খন গাঁৱৰ প্ৰায় ৫৪ হাজাৰ হেক্টৰ কৃষিভূমিৰ লগতে প্ৰায় ৬ লক্ষাধিক লোকৰ বিস্তৰ ক্ষয়ক্ষতি হৈছে। জিলাখনৰ এনে ভয়াৱহ দুৰ্যোগৰ সময়তে মৰিগাঁও জিলা প্ৰশাসনে মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰাৰ তৎপৰতাত জিলাখনৰ মৰিগাঁও আৰু মায়ং ৰাজহ চক্ৰত আজি কেইবাটাও স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰে। মৰিগাঁও স্বাস্থ্য বিভাগৰ সহযোগত অনুষ্ঠিত এই স্বাস্থ্য শিবিৰত বন্যাৰ্তৰ মাজত হ'ব পৰা ৰোগৰ ঔষধৰ লগতে অ'আৰএছ বিতৰণ কৰে।

জিলা উপায়ুক্ত ঋতুৰাজ বৰা, আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই তদাৰক কৰা স্বাস্থ্য শিবিৰকেইটাত স্বাস্থ্য  বিভাগৰ কৰ্মচাৰীসকলে সহযোগিতা আগবঢ়ায়।

Your Comments